ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু গেছ আমদানিৰ বাবে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এনে পৰিস্থিতিত ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ পিছত বাৰে বাৰে এই প্ৰশ্ন উত্থাপন হৈছে যে ৰাষ্ট্ৰপতি ট্ৰাম্পে এতিয়া চীনৰ ওপৰতো অতিৰিক্ত শুল্ক আৰোপ কৰিব নেকি?
কিন্তু ৰাছিয়াৰ পৰা তেল আৰু গেছ ক্ৰয় কৰাৰ বাবে চীনৰ ওপৰত অতিৰিক্ত শুল্ক সন্দৰ্ভত ট্ৰাম্পে এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই। একে সময়তে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে কয় যে বেইজিং আৰু ৱাশ্বিংটনৰ সম্পৰ্কৰ বহু দিশ চীন-ৰাছিয়াৰ সম্পৰ্কৰ পৰা পৃথক।
ভাৰতৰ ওপৰত ট্ৰাম্পে আৰোপ কৰা ৫০ শতাংশ শুল্ক বিশ্বৰ যিকোনো অংশীদাৰ দেশৰ ওপৰত আৰোপ কৰা সৰ্বোচ্চ শুল্ক। একে সময়তে ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰা অতিৰিক্ত ২৫ শতাংশ শুল্ক ২০২৫ চনৰ ২৭ আগষ্টৰ পৰা দুসপ্তাহৰ পিছত কাৰ্যকৰী হ’ব।
অৱশ্যে এক সাক্ষাৎকাৰত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে চীনৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ সন্দৰ্ভত এক বিবৃতি দিছে। সাক্ষাৎকাৰৰ সময়ত উপ-ৰাষ্ট্ৰপতি ভেন্সক সোধা হৈছিল যে, ৰাছিয়াৰ তেল আমদানিৰ ক্ষেত্ৰত ভাৰতৰ দৰে চীনৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিব নেকি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইয়াৰ উত্তৰত উপ-ৰাষ্ট্ৰপতি ভ্যান্সে জোৰ দি কয় যে, আমেৰিকা আৰু চীনৰ মাজৰ সম্পৰ্ক অতি জটিল। গতিকে অতি শীঘ্ৰে ট্ৰাম্পৰ শুল্ক বোমা চীনৰ ওপৰত পৰিব।