মধ্যপ্ৰাচ্যত আমেৰিকাৰ সামৰিক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ মাজতে ইৰাণে আমেৰিকাক কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। ইৰাণৰ এজন জ্যেষ্ঠ বিষয়াই উল্লেখ কৰিছে যে, ইৰাণৰ ওপৰত হোৱা যিকোনো আক্ৰমণ, সেয়া লাগিলে সীমিতয়েই হওক বা ব্যাপকেই হওক, পূৰ্ণাংগ যুদ্ধ হিচাপে গণ্য কৰা হ’ব আৰু ইয়াৰ বিৰুদ্ধে আটাইতকৈ কঠোৰ সঁহাৰি দিয়া হ’ব।
তেওঁ কয় যে, এনে পৰিস্থিতিত ইৰাণে সম্ভৱপৰ আটাইতকৈ শক্তিশালী সঁহাৰিৰে সঁহাৰি জনাব, যাতে ভৱিষ্যতে ইৰাণক কোনেও আক্ৰমণ কৰাৰ সাহস নকৰে।আগন্তুক দিনত আমেৰিকাৰ বিমানবাহী জাহাজ ষ্ট্ৰাইক গ্ৰুপ আৰু অন্যান্য সামৰিক সম্পদ মধ্যপ্ৰাচ্যত উপস্থিত হোৱাৰ সম্ভাৱনা থকাৰ সময়তে এই বক্তব্য প্ৰকাশ কৰিছে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে কয় যে, ট্ৰাম্পে ইৰাণক প্ৰতিবাদকাৰীক ক্ষতি নকৰিবলৈ বা পুনৰ পাৰমাণৱিক কাৰ্যসূচী আৰম্ভ নকৰিবলৈ সকীয়াই দিয়ে। ইয়াৰ উত্তৰত ইৰাণৰ এজন বিষয়াই কয় যে, যদিহে আমেৰিকাই ইৰাণৰ সাৰ্বভৌমত্ব বা ভূখণ্ডৰ অখণ্ডতা উলংঘা কৰে তেন্তে ইৰাণে মৌনতা অৱলম্বন নকৰে। অৱশ্যে ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে কি ৰূপ ল’ব সেয়া তেওঁ স্পষ্ট কৰা নাই।
ইৰাণৰ বিষয়াগৰাকীয়ে কয় যে দীৰ্ঘদিনীয়া আমেৰিকাৰ সামৰিক হেঁচা আৰু ভাবুকিৰ সন্মুখীন হোৱা দেশখনৰ প্ৰতিৰক্ষা ক্ষমতা শক্তিশালী কৰাৰ বাহিৰে আন উপায় নাই। তেওঁ কয় যে ইৰাণে নিজকে ৰক্ষা আৰু ভাৰসাম্য ৰক্ষাৰ বাবে নিজৰ সকলো সম্পদ নিয়োগ কৰিছে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও আমেৰিকাই মধ্যপ্ৰাচ্যত উত্তেজনাৰ সময়ত সামৰিক উপস্থিতি বৃদ্ধি কৰিছিল। ইয়াক প্ৰায়ে প্ৰতিৰক্ষামূলক ব্যৱস্থা বুলি অভিহিত কৰা হৈছে যদিও যোৱা জুন মাহত ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীত আক্ৰমণৰ পূৰ্বে আমেৰিকাই ইতিমধ্যে বৃহৎ পৰিসৰৰ সামৰিক গঠন চলাইছিল। ইয়াৰ ফলত বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত অঞ্চলটোত উদ্বেগ আৰু অনিশ্চয়তা আৰু অধিক বৃদ্ধি পাইছে।










