আমেৰিকাৰ বিদ্যালয়ত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। এইবাৰ মিনিয়াপলিছ চহৰস্থিত এখন বিদ্যালয়ত বুধবাৰে পুৱা অস্ত্ৰধাৰী লোকে চলোৱা নিৰ্বিচাৰ গুলীচালনাত তিনিগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২০ গৰাকী লোক গুৰুতৰভাৱে আহত হয়।
আমেৰিকাৰ ন্যায় বিভাগৰ এজন শীৰ্ষ বিষয়াই জানিব দিয়া অনুসৰি এই গুলীচালনা কাণ্ড সংঘটিত কৰা লোকজনৰো মৃত্যু হৈছে।
স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, শিক্ষাৰ্থীসকলে পুৱা প্ৰাৰ্থনাসভাৰ বাবে একগোট হোৱাৰ সময়তে গুলীচালনাৰ ঘটনাটো সংঘটিত হয়। বিদ্যালয়খনত প্ৰায় ৩৯৫ গৰাকী শিক্ষাৰ্থী আছে।
এই ঘটনাৰ পিছতে আৰক্ষী, এফ বি আই, ফেডাৰেল এজেণ্ট আৰু এম্বুলেন্সে লগে লগে সেই স্থানত উপস্থিত হয়। বিদ্যালয়খনৰ সৈতে জড়িত এজন ব্যক্তিৰ মতে, শিশুসকলক নিৰাপদে বিদ্যালয়ৰ পৰা উলিয়াই অনা হৈছে।
ইফালে মিনিয়াপলিছ চহৰৰ মেয়ৰ জেকব ফ্ৰেই গুলীচালনাৰ ঘটনাটো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এয়া অত্যন্ত দুখজনক আৰু ইয়াক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি বুলি মন্তব্য কৰে।