গুজৰাটৰ পিছত অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত প্ৰকৃতিয়ে লৈছে ভয়ংকৰ ৰূপ। বিগত কিছু দিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানত কমেও ১৯ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ১৭ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে।
দুয়োখন ৰাজ্যত সৃষ্টি হোৱা অভাৱনীয় পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ১৪০ খনতকৈও অধিক ৰেল বাতিল কৰাৰ লগতে আন কেইবাখনৰো গন্তব্য স্থান সলনি কৰা হৈছে। আনহাতে বন্ধ কৰি দিয়া হৈছে শিক্ষা প্ৰতিষ্ঠানসমূহ।
অতিবৃষ্টিৰ ফলত হোৱা বানৰ বাবে ৰাজ্য দুখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ অঞ্চলৰ বাট-পথ বন্ধ হৈ পৰাৰ লগতে এতিয়াও বহু লোক আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱনাথ ৰেড্ডীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি বৰ্তমানৰ পৰিস্থিতিৰ বুজ লয়। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে দুয়োখন ৰাজ্যকে যিকোনো প্ৰকাৰৰ সহায় আগবঢ়োৱা হ’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।
প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা অনুসৰি, মৃত্যু হোৱা ১৯ গৰাকীৰ ভিতৰত ৯ জন লোক অন্ধ্ৰপ্ৰদেশৰ আৰু বাকী ১০ জন লোক তেলেংগানাৰ।
আন এক তথ্য অনুসৰি, অন্ধ্ৰপ্ৰদেশত বাঢ়নি পানীয়ে তিনিজন লোকক উটুৱাই লৈ যোৱাৰ লগতে তেলেংগানাত এজন লোক সন্ধানহীন হৈ আছে।










