ব্যৱসায়ী অনিল আম্বানী আৰু তেওঁৰ ৰিলায়েন্স গ্ৰুপৰ বিৰুদ্ধে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি ৩ হাজাৰ কোটিতকৈও অধিক মূল্যৰ সম্পত্তি জব্দ কৰে ED য়ে। ইয়াৰ ভিতৰত আছে আম্বানীৰ মুম্বাইৰ বান্দ্ৰাত থকা পালি হিল হাউচ আৰু দিল্লী, নয়ডা, মুম্বাই, গোৱা, পুনে, হায়দৰাবাদ, চেন্নাইকে ধৰি চহৰত ৰিলায়েন্স কমিউনিকেশ্যন এণ্ড ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডৰ অন্যান্য ফ্লেট, প্লট, কাৰ্যালয়।
এই গোচৰটো ঋণৰ জালিয়াতিৰ অভিযোগৰ সৈতে জড়িত। অনিল আম্বানীৰ ৰিলায়েন্স গ্ৰুপে এই সন্দৰ্ভত এতিয়াও কোনো বিবৃতি প্ৰকাশ কৰা নাই। সূত্ৰ অনুস,ৰি জব্দ কৰা এই সম্পত্তিৰ ভিতৰত দিল্লীৰ হোটেল ৰঞ্জিতত অৱস্থিত আম্বানীৰ কাৰ্যালয় ৰিলায়েন্স চেণ্টাৰো আছে।
নাম প্ৰকাশ নকৰাকৈ এজন বিষয়াই কয় যে, ধন সৰবৰাহৰ তদন্তৰ অংশ হিচাপে প্ৰায় ৩ হাজাৰ কোটি টকাৰ সম্পত্তি সাময়িকভাৱে জব্দ কৰা হৈছে। অৱশ্যে ইতিমধ্যে ৰিলায়েন্স গ্ৰুপে এই অভিযোগ অস্বীকাৰ কৰিছে। EDৰ তদন্তৰ সৈতে প্ৰায় ২০টা ৰাজহুৱা আৰু ব্যক্তিগত বেংকৰ পৰা লোৱা ঋণৰ সৈতে জড়িত ১৭ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ সম্পৰ্ক আছে।
২০১৭ চনৰ পৰা ২০১৯ চনৰ ভিতৰত য়েছ বেংকে অনিল আম্বানীৰ কোম্পানীসমূহক অবৈধভাৱে ঋণ প্ৰদান কৰা বুলিও ED য়ে জানিবলৈ দিয়ে, যিবোৰ পৰৱৰ্তী সময়ত ডাইভাৰ্ট কৰা হয়। তদন্তত প্ৰকাশ পাইছে যে, ঋণ অনুমোদন পোৱাৰ পূৰ্বে বেংক প্ৰমোটাৰলৈ ধন প্ৰেৰণ কৰা হৈছিল। লগতে অভিযোগ উত্থাপন হৈছে যে, প্ৰথমে কেইবাটাও কোম্পানীয়ে ঋণ লাভ কৰিছিল আৰু পিছত নথি-পত্ৰ প্ৰস্তুত কৰা হৈছিল। লগতে কিছুমান ক্ষেত্ৰত ঋণৰ অনুমোদনও নহ’ল যদিও ধন ইতিমধ্যে হস্তান্তৰ হৈ গ’ল।
আম্বানীৰ কোম্পানীক ধন ঋণ দিয়া বেংকসমূহৰ ভিতৰত আছে য়েছ বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া, এক্সিছ বেংক, আইচিআইচিআই বেংক, এইচডিএফচি বেংক, বেংক অৱ ইণ্ডিয়া, ইউচিঅ’ বেংক, আৰু পঞ্জাব এণ্ড চিণ্ড বেংক। ইডিৰ তথ্য অনুসৰি ৰিলায়েন্স কমাৰ্চিয়েল ফাইনেন্সৰ ঋণ ৮,২২৬ কোটি ₹তকৈ অধিক, ৰিলায়েন্স হোম ফাইনেন্সৰ ৫,৯০১ কোটিতকৈ অধিক, আৰু ৰিলায়েন্স কমিউনিকেশ্যনৰ প্ৰায় ৪,১০৫ কোটি।













