বিজয় হাজাৰে ট্ৰফীত পঞ্জাৱৰ বেটাৰ অনমোলপ্ৰীত সিঙে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে বিস্ফোৰক ইনিংছ খেলি হৃদয় জিনিছে অনুৰাগীৰ। ঘৰুৱা ক্ৰিকেটৰ অন্যতম সন্মানীয় প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত অনমোলপ্ৰীতে ১২টা চাৰি আৰু ৯টা ছয়ৰ সহায়ত ৪৫টা বলত ১১৫ ৰানৰ দুৰ্দান্ত ইনিংছ খেলে।
অনমোলপ্ৰীতে মাত্ৰ ৩৫টা বলতে নিজৰ শতক সম্পূৰ্ণ কৰে। এই দুৰ্দান্ত শতক অৰ্জন কৰি অনমোলপ্ৰীতে ভংগ কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানৰ অভিলেখ।
উল্লেখ্য যে, ২০০৯-১০ বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত ইউছুফ পাঠানে মহাৰাষ্ট্ৰৰ বিৰুদ্ধে মেচত ৪০টা বলত নিজৰ শতক সম্পূৰ্ণ কৰিছিল। কিন্তু এতিয়া ভাৰতৰ হৈ প্ৰথম শ্ৰেণী ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰা বেটছমেনত পৰিণত হ’ল অনমোলপ্ৰীত সিং।
আনহাতে সামগ্ৰিকভাৱে প্ৰথম শ্ৰেণী ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম শতক অৰ্জন কৰা বিশ্বৰ তৃতীয়জন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে অনমোলপ্ৰীত। প্ৰথম শ্ৰেণী ক্ৰিকেটত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰাৰ অভিলেখ জেক ফ্ৰেজাৰ-মেকগাৰ্কৰ নামত আছে। তেওঁ ২৯টা বলত শতক অৰ্জন কৰিছিল। আনহাতে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ এ বি ডি ভিলিয়াৰ্ছে ৩১টা বলত শতক অৰ্জনেৰে এই তালিকাৰ দ্বিতীয় স্থানত আছে।
প্ৰথম শ্ৰেণী ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰা ক্ৰিকেটাৰ
২৯ বল – জেক ফ্ৰেজাৰ-মেকগাৰ্ক
৩১ বল – এ বি ডি ভিলিয়াৰ্ছ
৩৫ বল – অনমোলপ্ৰীত