বাংলাদেশত অব্যাহত আছে সংখ্যালঘুৰ ওপৰত আক্ৰমণ। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত বৃদ্ধি পোৱা আক্ৰমণৰ মাজতেই এইবাৰ ইস্কন চেণ্টাৰত অগ্নিকাণ্ড সংঘটিত কৰাৰ খবৰ আহিছে। এই ঘটনাত ইস্কন চেণ্টাৰৰ লক্ষ্মী নাৰায়ণৰ বিগ্ৰহো জ্বলি যায়।
নমহট্টাস্থিত ইস্কন চেণ্টাৰত থকা আন আন সামগ্ৰীসমূহৰ লগতে মন্দিৰটো সম্পূৰ্ণৰূপে জ্বলি যোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, মহম্মদ ইউনুছৰ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ শাসন কালত বাংলাদেশত সংখ্যালঘু, বিশেষকৈ হিন্দুৰ ওপৰত অহৰহ আক্ৰমণ চলি আছে। বাংলাদেশত হিন্দুৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা হিংসাত্মক ঘটনাৰ বিৰোধিতা ভাৰতত বৃদ্ধি পাইছে।
ইস্কনৰ সৈতে জড়িত চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে বাংলাদেশৰ পৰিৱেশ অধিক ভয়াৱহ হৈ পৰিছে। হিন্দু সম্প্ৰদায়ৰ ওপৰত মৌলবাদীৰ আক্ৰমণ বৃদ্ধি পাইছে। যাৰ ওপৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাংলাদেশত ৰাষ্ট্ৰসংঘৰ শান্তি অভিযান মোতায়েন কৰিবলৈ অনুৰোধ জনাইছিল।
উল্লেখ্য হিন্দু সংগঠনৰ নেতা চিন্ময় কৃষ্ণ দাসক ২৫ নৱেম্বৰত ঢাকাত ‘দেশদ্ৰোহ’ৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা ৩১ অক্টোবৰত স্থানীয় ৰাজনীতিবিদ এজনে হিন্দু সম্প্ৰদায়ৰ সমাৱেশৰ সময়ত বাংলাদেশৰ জাতীয় পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছিল। চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা বাংলাদেশৰ পৰিস্থিতি পুনৰ অস্বাভাৱিক হোৱা পৰিলক্ষিত হয়।