বলিউদক লৈ অসন্তুষ্ট চিত্ৰ নিৰ্মাতা তথা পৰিচালক অনুৰাগ কাশ্যপ। হিন্দী ছবি ইণ্ডাষ্ট্ৰিক লৈ ইমানেই অসন্তুষ্ট যে অনুৰাগ কাশ্যপে মায়ানগৰী মুম্বাই এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
অলপতে দ্য হলিউদ ৰিপোৰ্টাৰক দিয়া এটা সাক্ষাতকাৰত অনুৰাগ কাশ্যপে কয় যে তেওঁ বলিউদৰ মানসিকতাক লৈ যথেষ্ট হতাশ। তেওঁ কয়, ‘এতিয়া মোৰ বাবে ওলাই গৈ পৰীক্ষা-নিৰীক্ষা কৰাটো কঠিন হৈ পৰিছে কাৰণ ইয়াৰ বাবে যথেষ্ট খৰচ হয়, আৰম্ভণিৰে পৰাই মোৰ মেকাৰসকলে লাভ আৰু মাৰ্জিনৰ কথা চিন্তা কৰে। ছবিখন আৰম্ভ হোৱাৰ আগতেই কেনেকৈ বিক্ৰী কৰিব লাগে সেইটো চৰ্চাৰ বিষয় হৈ পৰে।’
তেওঁ লগতে কয়, ‘চলচ্চিত্ৰ নিৰ্মাণৰ আনন্দ নোহোৱা হৈছে। সেয়ে মই অহা বছৰ মুম্বাইৰ পৰা ওলাই যাব বিচাৰো। মই দক্ষিণলৈ গৈ আছো। য’ত উত্তেজনা থাকে তাতেই যাব বিচাৰো। নহ’লে মই বুঢ়া হৈ মৰি যাম। নিজৰ উদ্যোগটোক লৈ মই অত্যন্ত হতাশ। এই মানসিকতাৰ প্ৰতি মোৰ বিতৃষ্ণা। কোনেও নতুন কৰাৰ একো চেষ্টা নকৰে।’
এতিয়াৰ অভিনেতা-অভিনেত্ৰীসকলে অভিনয় কৰিব নিবিচাৰে, তেওঁলোকে কেৱল তাৰকা হ’বহে বিচাৰে বুলিও ক্ষেদ প্ৰকাশ কৰে অনুৰাগ কাশ্যপে।