সোমবাৰে আবেলিৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত সমগ্ৰ গুৱাহাটী জলমগ্ন হৈ পৰিছে। যাৰবাবে তীব্ৰ যান-যঁটৰ সৃষ্টি হৈছে গুৱাহাটীত।
মহানগৰীত সকলো ব্যক্তিগত আৰু চৰকাৰী শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে। কামৰূপ মহানগৰ জিলা আয়ুক্তই মহানগৰীৰ কৃত্ৰিম বানপানী আৰু প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে।
এই নিৰ্দেশনা অনুসৰি, গুৱাহাটী পৌৰ নিগম এলেকাৰ অন্তৰ্গত সকলো ব্যক্তিগত আৰু চৰকাৰী শিক্ষানুষ্ঠান আজি বন্ধ থাকিব বুলি জনাইছে প্ৰশাসনে।
উল্লেখ্য যে, সোমবাৰে হোৱা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটীৰ প্ৰতিটো অঞ্চল জলমগ্ন হৈ পৰে। নিশা ১২ বজালৈ যান-যঁটৰ সৃষ্টি হয় মহানগৰীত। জু-ৰোজ, চান্দমাৰী, উলুৱাৰী, ৰাজগড় পানীত ডুব যায়।
ইফালে, মঙলবাৰেও ৰুক্মিণীগাঁও পানীৰ কৱলত আছে। সাধাৰণ ৰাইজ যথেষ্ট কষ্টৰ মুখামুখি হ’ব লগা হৈছে। প্ৰশাসনে পৰিস্থিতি মোকাবিলা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে।