আজিৰ পৰা ৰাজ্যজুৰি মুকলি কৰা হয় অৰুণোদয়-৩.০। ইয়াৰ লগত সংগতি ৰাখি দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি অৰুণোদয়-৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
অৰুণোদয়-৩.০ত নতুনকৈ ১২.৬০ লাখ হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ’ব। পুৰণিৰ ক্ষেত্রত নতুনকৈ সমীক্ষা কৰা হ’ব। প্ৰতিটো সমষ্টিতে প্ৰায় ১০ হাজাৰকৈ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। লগতে ২০২৫ চনৰ আৰম্ভণিতে ৩৭ লাখ মহিলা তথা যোগ্য হিতাধিকাৰীয়ে মাহিলি ১২৫০ টকাকৈ সাহায্য লাভ কৰিব বুলিও উল্লেখ কৰে।
এই অৰুণোদয়-৩.০ত কোনে আবেদন কৰিব নোৱাৰিব?
১) সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য, প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়াল।
২) পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ/ষষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্ৰাম্য পৰিষদ উন্নয়ন সমিতি (ভি চি ডি চি)ৰ বৰ্তমানৰ সদস্যৰ পৰিয়াল।
৩) চিকিসক, অভিযন্তা, স্থাপত্যবিদ, চাৰ্টাৰ্ড একাউণ্টেণ্ট, বেংক বিষয়াৰ লগতে অধিবক্তাৰ পৰিয়াল।।
৪) বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়াল (ঠিকাভিত্তিক আৰু অস্থায়ী শিক্ষকক সামৰি)।
৫) অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজন কৰ্মী, আশাকৰ্মী, আশা তত্ত্বাৱধায়ক তথা গাঁও প্ৰধানকে সামৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াল।
৬) আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগনিয়াৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, ব্যৱসায়ৰ অনুজ্ঞা-পত্ৰপ্ৰাপ্ত ব্যক্তিৰ পৰিয়াল।
৭) আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী/উদ্যোগী, দোকানী, বেপাৰীৰ পৰিয়াল।
৮) ভূমিৰ অধিকাৰী (ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ বাহিৰে) পৰিয়াল।
৯) চাৰিচকীয়া মটৰ বাহন থকা পৰিয়াল।
১০) ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩’ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়াল।
১১) অৰুণোদয় প্লাছ অথবা তেনে ধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় ৩.০ৰ ধনৰাশিৰ সমপৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়াল।