দিল্লী বিধানসভা নিৰ্বাচনত অপ্ৰত্যাশিতভাৱে শোচনীয় পৰাজয়বৰণ কৰাৰ পিছতে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপ প্ৰধান অৰবিন্দ কেজৰিৱালে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেজৰিৱালে জনসাধাৰণৰ এই ৰায়ক স্বীকাৰ কৰে। এই জয়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে বিজেপিক।
তেওঁ কয় যে জনসাধাৰণে যি আশাত বিজেপিক ভোট দিছে সেই আশা যাতে তেওঁলোকে পূৰ্ণ কৰে।
কেজৰিৱালে কয়, ‘আমাক যোৱা ১০ বছৰে সেৱা কৰাৰ সুযোগ দিলে। আমি বহুত কাম কৰিলো। শিক্ষা, স্বাস্থ্য, পানী, বিদ্যুত আদি ক্ষেত্ৰত আমি বেলেগ বেলেগ ধৰণে জনসাধাৰণক সকাহ দিয়াৰ চেষ্টা কৰিছো। আমি দিল্লীৰ আন্তঃগাঁথনি উন্নত কৰাৰ চেষ্টা কৰিলো। এতিয়া ৰাইজে আমাক দিয়া সিদ্ধান্তৰ ভিত্তিত আমি কেৱল গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰাই নহয় সমাজসেৱাও কৰিম, মানুহৰ সুখ-দুখত সহায় কৰিম, আৰু ব্যক্তিগতভাৱে, যাৰ আমাৰ প্ৰয়োজন হ’ব, আমি তেওঁলোকৰ সুখ-দুখত সহায় কৰিবলৈ সদায় উপস্থিত থাকিম। কাৰণ আমি ক্ষমতাৰ বাবে ৰাজনীতিলৈ অহা নাছিলো।’
ইয়াৰ উপৰি তেওঁ কয়, ‘আমি ৰাজনীতিক এনে এক মাধ্যম হিচাপে গণ্য কৰোঁ যাৰ জৰিয়তে আমি জনসাধাৰণৰ সেৱা কৰিব পাৰো। যাৰ জৰিয়তে আমি মানুহৰ সুখ-দুখত সহায় কৰিব পাৰো। আমি কাম কৰি যাম আৰু ভৱিষ্যতেও আমি জনসাধাৰণক তেওঁলোকৰ সুখ-দুখত একেদৰেই সহায় কৰিব লাগিব। মই আম আদমী পাৰ্টিৰ সকলো কৰ্মীক অভিনন্দন জনাব বিচাৰো। আপোনালোকে বহুত ভাল কাম কৰিলে। বহুত কষ্ট কৰিলে। মই প্ৰতিগৰাকী কৰ্মীক অভিনন্দন জ্ঞাপন কৰিছো।’
উল্লেখ্য যে, এইবাৰৰ নিৰ্বাচনত কেৱল আম আদমী পাৰ্টি ক্ষমতাচ্যুত হোৱাই নহয়, অৰবিন্দ কেজৰিৱালে নিজেও নিজৰ আসনখন বচোৱাত ব্যৰ্থ হ’ল। নতুন দিল্লীৰ বিধানসভাৰ আসনৰ পৰা বিজেপিৰ প্ৰবেশ বাৰ্মাই পৰাস্ত কৰে কেজৰিৱালক। ১৪ ৰাউণ্ড ভোট গণনাৰ অন্তত অৰবিন্দ কেজৰিৱালে ২৫৯৯৯ টা ভোট লাভ কৰে। ইফালে বিজয়ী প্ৰবেশ বাৰ্মাই ৩০০৮৮ টা ভোট লাভ কৰে। কংগ্ৰেছৰ পৰা সন্দীপ দীক্ষিতে লাভ কৰে মাত্ৰ ৪৫৬৮টা ভোট।












