পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টো জৰদাৰীৰ ‘তেজ বোৱাই’ দিম বুলি কৰা মন্তব্যক লৈ এআইএমআইএম প্ৰধান তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেছিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
বিলাৱলক সমালোচনাৰ লক্ষ্য কৰি ওৱেছিয়ে কয় যে বিলাৱলে এইটো মনত ৰখা উচিত যে তেওঁৰ মাতৃ বেনজীৰ ভুট্টো আৰু ককা জুলফিকাৰ আলী ভুট্টোক কেনেকৈ আৰু কি পৰিস্থিতিত হত্যা কৰা হৈছিল।
উল্লেখ্য যে, ২০২৩ চনলৈকে পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ দায়িত্বত থকা বিলাৱল ভুট্টোৱে শেহতীয়াকৈ ভাৰতে গ্ৰহণ কৰা সিন্ধু জল চুক্তি বাতিলৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল, ‘সিন্ধু আমাৰ আছিল, আমাৰে হয় আৰু আমাৰ হৈয়ে থাকিব। হয়তো আমাৰ পানী ব’ব, নহয়টো তেওঁলোকৰ তেজ।’
বিলাৱলৰ এই মন্তব্যৰ পিছতে ভাৰতৰ সাধাৰণ লোকৰ লগতে ৰাজনৈতিক মহলত তীব্ৰ ক্ষোভৰ উদগীৰণ হোৱা পৰিলক্ষিত হৈছিল।
ওৱেছিয়ে বিলাৱল সন্দৰ্ভত মন্তব্য কৰি কয়, ‘এইধৰণৰ বহুৱালি মন্তব্য কৰাৰ পৰা বিৰত থাকক। তেওঁ জানিব লাগে যে তেওঁৰ মাতৃ আৰু ককাকৰ সৈতে কি ঘটিছিল। সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল বেনজীৰ ভুট্টোক। মাকৰ হত্যাৰ আঁৰৰ সত্যটো বুজিব পৰা নাই বিলাৱলে।’
হায়দৰাবাদৰ সাংসদগৰাকীয়ে লগতে পাকিস্তানৰ সেইসকল শীৰ্ষ পৰ্যায়ৰ নেতাকো সমালোচনাৰ লক্ষ্য কৰি লয় যিয়ে পাৰমাণৱিক আক্ৰমণৰ হুংকাৰ প্ৰদান কৰিছে।
তেওঁ কয়, ‘যদি আপুনি আন এখন দেশত প্ৰৱেশ কৰি নিৰ্দোষী লোকক নৃশংসভাৱে হত্যা কৰে, তেতিয়াহ’লে কোনো এখন দেশ শান্তিত মনে মনে বহি নাথাকে। তোমালোকৰ পৰিকল্পনা বিফল হ’ব।’
উল্লেখ্য যে, ২০০৭ চনৰ ২৭ ডিচেম্বৰত পাকিস্তানৰ অন্যতম ডাঙৰ চহৰ ৰাৱলপিণ্ডিত এখন নিৰ্বাচনী সভা সম্বোধন কৰি থকা সময়ত সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল বিলাৱল ভুট্টোৰ মাতৃ বেনজীৰ ভুট্টোক। অল-কায়দা আৰু তালিবানী গোটে এই হত্যা কৰা বুলি দাবী কৰা হৈছিল যদিও আজি পৰ্যন্ত ইয়াৰ কোনো সমাধান নোলাল।