গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা।এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ সৈতে অপকৰ্ম কৰিলে ৪ কিশোৰে। OYO হোটেললৈ নি দলবদ্ধভাৱে ৪ কিশোৰে সেই ১৩ বছৰীয়া কিশোৰীগৰাকীৰ সৈতে অপকৰ্ম সংঘটিত কৰে।
গুৱাহাটী মহানগৰীৰ জালুকবাৰীত এই জঘন্য কাণ্ড সংঘটিত হয়। কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগমৰ্মে, নৱবৰ্ষৰ পহিলা দিনটোত সংঘটিত হয় এই ঘটনা। পৰিয়ালৰ লোকৰ মতে, সুন্দৰবড়ীৰ চাৰিজনীয়া কিশোৰৰ এটা দলে প্ৰথমে অপহৰণ কৰি নিছিল কিশোৰীগৰাকীক। অপহৰণৰ পাছতেই এখন OYO হোটেললৈ নি দলবদ্ধভাৱে অপকৰ্ম সংঘটিত কৰি কিশোৰীগৰাকীক ঘৰৰ কাষত পেলাই থৈ যোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ।
এই ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে জালুকবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে আটক কৰিছে ২ অভিযুক্ত কিশোৰক। বাকী আন দুটা কিশোৰ বৰ্তমানেও পলাতক বুলি জানিব পৰা গৈছে।
পৰিয়ালৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে POCSO আইনৰ অধীনত ০৩/২৫ নম্বৰত গোচৰ ৰুজু কৰিছে। এই ৪ কিশোৰৰ ভিতৰত এজনক কিশোৰীগৰাকীৰ প্ৰেমিক বুলি জানিব পৰা গৈছে। অৱশ্যে এই কথা কিমান দূৰ সত্য সেয়া জানিব পৰা হোৱা নাই।