ৰাজ্য চৰকাৰৰ ফালৰ পৰা আহিছে সুখবৰ। শীঘ্ৰে ৰাজ্য চৰকাৰে ৪৫০০ পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিব।২০২৬ চনৰ ভিতৰত ১.৫ লাখ চৰকাৰী চাকৰি সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে হিমন্ত বিশ্ব চৰকাৰে।ইয়াৰ অংশ হিচাপে এই ৪৫০০ শিক্ষকক নিযুক্তি দিয়া হব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে।
নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ পদত শিক্ষকপদত নিযুক্তি দিয়া হব।প্ৰাৰ্থীসকলে ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ dee.assam.gov.in ত এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।