পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক শিহৰণকাৰী ঘটনা। আৰক্ষীৰ গুলীত আহত এজন অপৰাধী ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰোঁতেই আৰক্ষীয়ে গুলীচালনা কৰে আজুল হকক৷ সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ আজুল হক।
উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া মহানগৰীৰ ভেটাপাৰাত সংঘটিত হৈছিল এটা ভয়ংকৰ ঘটনা। সোনালী দাস নামৰ এগৰাকী মহিলাৰ ডিঙি কাটি হত্যাৰ চেষ্টা আজুল হক নামৰ এজন দুৰ্বৃত্তই। উক্ত ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে যুৱকজনে।
পিছলৈ স্থানীয় ৰাইজ খেদি খেদি কৰায়ত্ত কৰে দুৰ্বৃত্তজনক। জানিব পৰা মতে পূৰ্বে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত জে’ললৈও গৈছিল আজুল হক।
জানিব পৰা মতে এখন বাইকত আহিছিল যুৱকজন। বাইকখন আঁতৰত ৰাখি মহিলাগৰাকীক অনুসৰণ কৰিছিল আজুলে। মহিলাগৰাকী ওচৰ পোৱাৰ লগে লগে পকেটৰ পৰা এখন ছুৰী উলিয়াই মহিলাগৰাকীৰ ডিঙিত উপৰ্যুপৰি আক্ৰমণ কৰে। ছুৰিকাঘাতৰ বলি হোৱা মহিলাগৰাকীৰ নাম সোনালী দাস।
জানিব পৰা মতে পূৰ্বৰ পৰাই দুয়োগৰাকী মাজত আছিল প্ৰেমৰ সম্পৰ্ক। সোণালী দাস গুৱাহাটীৰ ভেটাপাৰাৰ কৈলাশ নগৰত ভাড়াতীয়া হিচাপে আছিল। আজুল হকে ধুবুৰীৰ পৰা আহি এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে।
খবৰ অনুসৰি, সোণালী দাস আৰু আজুল হক দুয়ো বিবাহিত। দুয়োৰে নিজা নিজা পৰিয়াল আছে।
অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই ঘটনাৰ আঁৰৰ কাৰণ। সেয়া যি কি নহওক মহানগৰীৰ মাজ-মজিয়াত নিতৌ সংঘটিত হোৱা ঘটনাত এতিয়া সংকিত হৈ পৰিছে সকলো।