পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা প্ৰত্যেকজন অসমীয়াই চেনেহৰ মাঘ বা ভোগালী বিহু পালন কৰে। কৃষিজীৱি অসমীয়াই বছৰজুৰি কৰা পৰিশ্ৰমৰ অৱসাদ দূৰ কৰিবলৈকে পালন কৰা হয় ভোগৰ উৎসৱ ভোগালী।
পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা সকলো অসমীয়াই চেনেহৰ মাঘ বা ভোগালী বিহু পালন কৰে। কৃষিজীৱি অসমীয়াই বছৰজুৰি কৰা পৰিশ্ৰমৰ অৱসাদ দূৰ কৰিবলৈকে পালন কৰা হয় ভোগৰ উৎসৱ ভোগালী।
আঘোনৰ পথাৰ সোণোৱালী হোৱাৰ পাছত পুহত শালি ধান, মাহ, তিল, মগু আদি শস্য চপাৱাৰ বাবে চহা অসমীয়াৰ ভৰি থাকে।
এইখিনি সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত খাবলৈ দুমুঠি ধান-চাউল থাকে। যাৰ বাবে এই বিহুত বিভিন্ন প্ৰকাৰৰ জলপান যেনে, চিৰা, সান্দহ,কোমল চাউল, ভজা চাউল, আখৈ, মুৰীৰ লগতে নানা ধৰণৰ পিঠা, লাডু আদি সকলোৰে ঘৰতে উভৈনদী হৈ পৰে।
মাঘ বিহুৰ আন এক অন্যতম আকৰ্ষণ হ’ল মেজি পোৰা। এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তিও বোলা হয়। এই উৎসৱত ‘মেজি’ বা ‘ভেলাঘৰ’ নামৰ অস্থায়ী জুপুৰি নিৰ্মাণ কৰা হয়। এই জুপুৰিবোৰ বাঁহ, পাত, খেৰ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয় আৰু ই সমাজৰ বাবে গোট খোৱাৰ স্থান হিচাপে কাম কৰে।
এই বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই সমূহীয়াভাৱে পালন কৰা হয় যিয়ে মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়।
আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা মাঘ বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল। স্বৰ্গদেউসকলে নিজৰ সকলো ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল। আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল। সেইদৰে হাতী যুঁজ,কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, মঁহ যুঁজ, বুলবুলি যুঁজ আদিৰো সেইসময়তে প্ৰচলন হয় বুলি জনা যায়।
ইফালে, বিহু উপলক্ষে অসমৰ ভিন্ন ঠাইত পৰম্পৰা অনুসৰি নাও খেল, কড়ি খেল আদিও অনুষ্ঠিত হয়।
মাঘ বিহুৰ উৰুকাৰ আগদিনা ৰাতি গাঁৱৰ ডেকাসকলে মিলি উমৈহতীয়াকৈ ভেলাঘৰ সাজে। আকৌ বিহুৰ উৰুকাৰ দিনা বিল, নদী, পুখুৰী, জান জলাশয় আদিত একোটা চুবুৰি বা একোখন গাঁৱৰ ৰাইজে সমূহীয়াকৈ মাছ ধৰে। জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকে এই মাছ ধৰা উৎসৱত অংশগ্ৰহণ কৰে। তাৰেই নিশা ভোজ খায়। উৰুকাৰ নিশা ডেকা-গাভৰু, বুঢ়া-মেথা সকলোৱে লগ লাগি সেই মাছৰ ভাগ-বিতৰা কৰি তাতেই ৰাতি ভোজ-ভাত খায় উৰুকা পালন কৰে। এই ভেলাঘৰ সমূহ খেৰৰ নৰাৰে সজা হয়।
বিহুৰ দিনা পুৱা শুই উঠি সকলোয়ে গা-পা ধুই এই ভেলাঘৰত জুই লগাই সমাজৰ অমংগল দূৰ কৰিবৰ বাবে প্ৰৰ্থনা জনায়। সেই অগ্নিক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। এই মেজিৰ জুইত মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি পুৰি শেষ হলে, সেই ছাঁইৰে সকলোৱে ফোঁট লয়। মেজি ঘৰ দাহনৰ পিছত আধাপোৰা বাঁহচালি লাগনী গছত ওলোমাই দি উদ্ভিদৰ বৃদ্ধিৰ কামনা কৰা হয়।
মাঘ বিহুক ভোগালী অৰ্থাৎ ভোগৰ উৎসৱ বুলি কোৱা হয়।এই বিহুত সকলো অসমীয়াই ঘৰে ঘৰে বিভিন্ন ধৰণৰ জলপান, পিঠা-পনা তথা লাডু আদি প্ৰস্তুত কৰে। এই উৎসৱৰ বিশেষ পিঠা হৈছে চুঙা পিঠা আৰু তিল পিঠা। তদুপৰি মাঘ বিহুত পানী পিঠা, টেকেলী পিঠা, পানী পিঠা, চুঙা পিঠা, ঘিলা পিঠা, সুতুলী পিঠা, তেল পিঠা, হেঁচা পিঠা, ডেকা পিঠা, মালপোৱা, কল পিঠা, ভুৰভুৰী পিঠা আদিও বনোৱা হয়। ভজা চাউল, হুৰুম, কোমল চাউল, চিৰা, সান্দহ, মুড়ী, আখৈ, চুঙা চাউল ইত্যাদি জলপানো বিহু বিশেষ। বিভিন্ন দৈ যেনে- টেঙা দৈ, চুঙা দৈ, এঠা দৈ, মাখনৰে আলহী অতিথিক আপ্যায়ন কৰা হয়।