আজি ১৭ জানুৱাৰী, শিল্পী দিৱস। অসমীয়া ভাষা, কলা-সংস্কৃতিৰ সাধক, ৰূপকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতি দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তত ৭৪ সংখ্যক মৃত্যু বাৰ্ষিকীত সংস্কৃতিৰ পূজাৰী ৰূপকোঁৱৰক সোঁৱৰণৰ বাবে ভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো আজি শিল্পী দিৱসৰ ভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসমীয়া কলা-সাহিত্য-সংস্কৃতিৰ অন্যতম শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৭ জুন, ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত। অসম আৰু কলিকতাৰ বিভিন্ন বিদ্যালয়ত শিক্ষা লাভ কৰি জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে ১৯২৬ চনত এডিনবাৰ্গলৈ গৈছিল যদিও আধাতে পঢ়া সামৰি জাৰ্মানীত সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল। ইয়াৰ পিছতে তেওঁৰ সাংস্কৃতিক যাত্ৰাৰ সূচনা হয় আৰু অসমত প্ৰথমখন বোলছবি নিৰ্মাণ কৰে।
অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ অন্যতম দলিল জয়মতী বোলছবিৰ সমান্তৰালভাৱে আগৰৱালাই গীতিকাৰ, নাট্যকাৰ, লেখক আৰু এগৰাকী স্বাধীনতা সংগ্ৰামীৰূপে জাতীয় জীৱনক সমৃদ্ধ কৰিছিল। তেওঁ প্ৰথম অসমীয়া বোলছবি জয়মতীৰ জৰিয়তে অসমত চলচ্চিত্ৰ নিমাৰ্ণৰ ধাৰা আৰম্ভ কৰিছিল। ১৯৩৫ চনৰ ১০ মাৰ্চত মুক্তিলাভ কৰিছিল এই বোলছবিখনে। চিনেমা নিৰ্মাণৰ সমান্তৰালকৈ আগৰৱালাই গীতিকাৰ, নাট্যকাৰ, লেখক আৰু এগৰাকী স্বাধীনতা সংগ্ৰামী ৰূপে জাতীয় জীৱনক সমৃদ্ধ কৰিছিল। অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেওঁৰ অৱদান অতুলনীয়।
দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটিব লগা হৈছিল। ১৯৩৬ চনত জ্যোতিপ্ৰসাদে দেৱযানী ভূঞাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। কিন্তু দুখৰ বিষয় যে, এইগৰাকী মহান শিল্পীয়ে নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি ১৯৫১ চনৰ ১৭ জানুৱাৰীত মাত্ৰ ৪৮ বছৰ বয়সতে জীৱন নাট সামৰে।
উল্লেখ্য যে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ২০০৪ চনত ভাৰত চৰকাৰে ডাক টিকট প্ৰণয়ন কৰে। ইয়াৰ লগতে অসমৰ সমাজ জীৱনৰ কিংবদন্তী শিল্পীগৰাকীৰ স্মৃতিত ১৭ জানুৱাৰীত ৰাজ্যজুৰি শিল্পী দিৱস পালন কৰা হয়।