পুৱাই পুৱাই এক দু:খবৰত শোকস্তব্ধ হৈ পৰে ৰাজ্যবাসী। একালৰ চিনেমা আৰু অসমীয়া ধাৰাবাহিকৰ বলিষ্ঠ অভিনেতা, নিৰ্দেশক, মেহতাব হুছেইনৰ আজি গুৱাহাটীত বিয়োগ ঘটে।
তেওঁ পুলক গগৈ পৰিচালিত “খোজ” বোলছবিত নায়ক ৰূপে অভিনয় কৰা লগতে অসমীয়া ছবি নিৰ্মাণৰ ক্ষেত্ৰতো যথেষ্ট আগভাগ লৈছিল। গুৱাহাটী দূৰদৰ্শনত প্ৰচাৰিত “মিতাৰ তিতা মিঠা” নামৰ অসমৰ প্ৰথম খুহুতীয়াখন আজিৰ ভাষাত কমেডী ছিৰিয়েল নিৰ্মাণ কৰিছিল। এইখন অসমৰ ৰাইজৰ মাজত বিপুল জনপ্ৰিয় হৈ পৰিছিল আৰু মেহতাব কা নামেৰে সকলোৰে পৰিচিত আছিল।
ডিব্ৰুগড় সদৰৰ পৰা আহি গুৱাহাটীৰ চান্দমাৰীত স্থায়ী ভাৱে বাস কৰা মেহতাব হুছেইন এগৰাকী চিনেমা-ছিৰিয়েল উদ্যোগী হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ এক সফল ব্যবসায়ী আছিল। তেখেতৰ বিয়োগত জ্যেষ্ঠ ভাতৃ বিশিষ্ট চিকিৎসক ডাক্তৰ প্ৰফেছাৰ জাকিৰ হুছেইনৰ লগতে তেখেতৰ পত্নী-পুত্ৰ আৰু কন্যাক এৰি থৈ গৈছে।