অসমৰ এগৰাকী যশস্বী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ ড° লক্ষহীৰা দাসৰ দেহাৱসান ঘটে। শনিবাৰে পুৱতি নিশা ৰাজগড়স্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
পৰিয়ালৰ লোকে জনোৱা অনুসৰি, কিছুদিনৰ পৰা অসুস্থ হৈ থকা ড° লক্ষহীৰা দাসক কিছুদিনৰ পূৰ্বে হাস্পতালৰ পৰা ঘৰলৈ অনা হৈছিল। শনিবাৰে হঠাতে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পুনৰ হাস্পতাললৈ নিবলৈ ওলোৱাৰ সময়তে ঘৰতেই পুৱতি নিশা ২.৩০বজাত শেষ নিশ্বাস ত্যাগ কৰে। শেষ সময়ত তেওঁৰ বয়স আছিল ৯৫ বছৰ।
১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত তেখেতে জন্মগ্ৰহণ কৰিছিল। পিতৃৰ নাম চন্দ্ৰ বৈশ্য সাউদ আৰু মাতৃ ধৈৰ্যবালা। তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল। তেওঁৰ প্ৰকাশিত পুথিসমূহ হ’ল- প্ৰথমা, গীতাৰ্ঘ্য, লক্ষহীৰাৰ গীত, প্ৰাণৰ মুক্তিধাৰা, অস্কাৰ ৱাইল্ডৰ গল্প (অনূদিত), তপসী, প্ৰাণগংঘা, সূৰ্য আৰু সাগৰৰ সাধু আদি।
লগতে তেওঁ বহুসংখ্যক পাঠ্যপুথিৰো প্ৰণেতা আছিল। তেওঁ সৰাপাত আৰু লাচিত বৰফুকন চলচ্চিত্ৰতো কণ্ঠদান কৰিছিল। ১৯৬৮ চনত লাচিত বৰফুকন ছবিৰ বাবে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰে। তেওঁ ভূপেন হাজৰিকা বঁটাও লাভ কৰিছিল।
২০২২চনত সাদিন-প্ৰতিদিন গোষ্ঠীৰ পৰা আগবঢ়োৱা সাহিত্য সাংবাদিকতা বটাঁ লাভ কৰিছিল ড০ লক্ষহীৰা দাসে।
অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনৰ কবি সন্মিলনৰ সভানেত্ৰী (১৯৭৯), অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা (১৯৯৫), সংগীতাচাৰ্য উপাধি (১৯৯৫), অসম চৰকাৰৰ শিল্পী বঁটা (২০০৩), প্ৰবীণা শইকীয়া বঁটা (২০০৯), শৈলধৰ ৰাজখোৱা বঁটা (২০১১), হাউলী বঁটা (২০১৫), ভূপেন হাজৰিকা বঁটা (২০১৯) আদি বঁটা তেওঁ লাভ কৰিছিল।