কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিছাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আটক কৰা হৈছে এগৰাকী চিকিৎসকক।
Antiquackery & vigilance officer Dr. Abhijit Neoge ৰ নেতৃত্বত অভিযান চলাই আটক কৰি হৈছে এই চিকিৎসকগৰাকীক।
অভিযোগ অনুসৰি, ভুৱা চিকিৎসা চলোৱাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসকগৰাকীৰ বিৰুদ্ধে। চিকিৎসক গৰাকীৰ নাম সবিতা দাস।
তেওঁৰ ঘৰ তেজপুৰত। বুঢ়াপাহাৰ বাগিছাৰ কৰ্মচাৰীৰ মন্তব্যৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে এইগৰাকী চিকিৎসকক।
ইতিমধ্যে জখলাবন্ধা আৰক্ষীয়ে ৫১/২৫ নম্বৰত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে ইয়াৰ উচিত তদন্ত। বৰ্তমানেও জখলাবন্ধা আৰক্ষীয়ে চিকিৎসকগৰাকীৰ বিৰুদ্ধে থানাত জেৰা অব্যাহত ৰাখিছে।