এক্সনমুডত দলগাঁও যান-বাহন আৰক্ষী। নিয়ম নমনা বাহনৰ বিৰুদ্ধে এক্সন যান-বাহন আৰক্ষীৰ। ৰাজপথত আৰক্ষীয়ে জব্দ কৰে অবৈধ ভাৱে চলাচল কৰা ই ৰিক্সা।
ৰাজপথত অতপালি বাঢ়িছে ই-ৰিক্সাসমূহৰ। দলগাঁৱতো অবৈধ ভাৱে চলি আছে কেইবাখনো ই-ৰিক্সা। যাৰ বাবে দলগাঁৱত সঘনাই সংঘটিত হৈ আহিছে বহুতো পথ দুৰ্ঘটনা। ইয়াৰোপৰি এই ৰিক্সাসমূহৰ বাবেই দলগাঁৱৰ ৰাজপথত বহুদিনৰ পৰাই তীব্ৰ যান-জঁটৰো সৃষ্টি হৈ আহিছে।
যাৰ বাবে এতিয়া নিয়ম নমনা ১৬ খন কৈ ই-ৰিক্সা বাহন জব্দ কৰে আৰক্ষীয়ে। দলগাঁৱত অবৈধ ভাৱে চলে আৰু লাইচেঞ্চ, অনুজ্ঞাপত্ৰ নোহোৱা বাহনো আৰক্ষীয়ে জব্দ কৰে। এই ই-ৰিক্সাসমূহৰ উচিত ব্যৱস্থা লোৱা হব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।