মঙলদৈত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। মাৰাত্মক দ্ৰব্য পান কৰি ভয়ংকৰ সিদ্ধান্ত ল’লে এগৰাকী মহিলাই। প্ৰেমিকে আনি দিয়া মাৰাত্মক দ্ৰব্য সেৱন কৰি খাই এই ভয়ানক কাণ্ড সংঘটিত কৰাৰ অভিযোগ মহিলাগৰাকীৰ স্বামীৰ।
স্বামীক হত্যা কৰিবলৈ প্ৰেমিকে আনি দিয়া মাৰাত্মক দ্ৰব্য সেৱন কৰি মৃত্যুক সাৱটি লয় বুলি অভিযোগ স্বামী চিন্ময় কটকীৰ।
তিনিবছৰীয়া কন্যা সন্তান এটিক কাষতে বহুৱাই মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাই সমগ্ৰ অঞ্চলত।
ঘটনা অনুসৰি, মঙলদৈ সমষ্টিৰ অন্তৰ্গত বৰআঠিয়াবাৰী গাঁওৰ চিন্ময় কটকী নামৰ এগৰাকী যুৱকৰ সৈতে যোৱা চাৰি বছৰ পূৰ্বে বিয়াত বহিছিল কলাইগাঁওৰ এইগৰাকী মহিলাই।
৩বছৰীয়া এটি কণমানি কন্যা সন্তানৰ সৈতে সংসাৰ ধুনীয়াকৈ চলি থকাৰ মাজতে একে গাঁওৰে সীমান্ত চহৰীয়া নামৰ এজন যুৱকৰ সৈতে গঢ় লৈ উঠে অবৈধ প্ৰেমৰ সম্পৰ্ক।
এই সম্পৰ্কৰ বিষয়ে লাহে লাহে স্বামী চিন্ময়ে জনাৰ পিছৰ পৰা তেওঁলোকৰ মাজত আৰম্ভ হয় মনোমালিন্য।
প্ৰেমিক সীমান্তই মহিলাগৰাকীক দিয়া এযোৰ পায়েলক লৈও সৃষ্টি হয় তীব্রতৰ সংঘাত। প্ৰেমিকে দিয়া পায়েল যোৰ প্ৰেমিকক স্বামীক উভতাই দিবলৈ কৈ যোৱাৰ সময়তে ঘৰত সন্তানৰ সৈতে থকা মহিলাগৰাকীয়ে এই সিদ্ধান্ত লয়।
প্ৰথমে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ তেওঁক অনা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক পিছলৈ তেওঁক GMCH লৈ নিয়া হয়। কিন্তু GMCH ত মৃত্যুক সাৱটি লয় মহিলা গৰাকীয়ে।
এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষীয়ে তদন্ত চলাই আছে।