হোজাইত সংঘটিত হয় এক মাৰপিটৰ ঘটনা। মাটি-বাৰী সংক্ৰান্তত সংঘটিত হয় এই মাৰপিটৰ ঘটনা। এই ঘটনাত গুৰুতৰভাৱে আহত হয় ৰাজীৱ মজুমদাৰ নামৰ এজন যুৱক।
ঘটনাৰ বিবৰণ অনুসৰি, যুৱকজনে পত্নীৰ সৈতে নিজ ভগ্নীৰ ঘৰৰ পৰা নিমন্ত্ৰণ খাই ঘৰ অভিমুখে গৈ থকা সময়ত তেলীবস্তিত সংঘটিত হয় এই ঘটনা। ৰাজীৱ মজুমদাৰক বাট-আগুচি মাৰপিট কৰাৰ অভিযোগ উঠে নয়ন ৰায়,সুব্ৰত ৰায় আৰু সুজিত ৰায়ৰ বিৰুদ্ধে।
সামাজিক মাধ্যমতো ভাইৰেল মাৰপিটৰ ভিডিঅ’। এই ঘটনা সন্দৰ্ভত যুৱকজনে নয়ন ৰায়,সুব্ৰত ৰায় আৰু সুজিত ৰায়ৰ বিৰুদ্ধে হোজাই আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। ইতিমধ্যে ভুক্তভোগী ৰাজীৱ মজুমদাৰৰ পত্নীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।