এটা দীৰ্ঘদিনীয়া এটা প্ৰেমৰ সম্পৰ্ক। পশ্চিমবংগৰ দিঘালৈ ফুৰিবলৈ যাওঁতে তেওঁলোকৰ প্ৰথম চিনাকী হৈছিল৷ লাহে লাহে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিছিল৷
বিয়াৰ প্ৰস্তুতিও চলাইছিল দুয়োৱে৷ দুয়োৰে পৰিয়ালৰ মাজতো আৰম্ভ হৈছিল কথা-বতৰা৷ কিন্তু হঠাৎ ছ’চিয়েল মিডিয়াৰ পৰা মোবাইলৰ ক’ল লিষ্ট’ লৈকে সকলোতে পশ্চিম বংগৰ প্ৰেমিকাই ব্লক কৰি দিলে অসমৰ প্ৰেমিক জিন্টু খানক৷ কেইবাদিনো ধৰি যোগাযোগত নাপাই প্ৰেমিকাক বিচাৰি গাড়ী লৈ পশ্চিমবংগৰ হাওৰা জিলাৰ উলুবেড়ীয়ালৈ ৰাওনা হৈছিল বিশ্বনাথ চাৰিআলিৰ জিন্টু খান৷
কিন্তু পশ্চিমবংগত উপস্থিত হোৱাৰ পিছতেই ভয়ংকৰ ঘটনাৰ সন্মুখীন হয় জিন্টু৷ এটা দুৰ্বৃত্তৰ দলে প্ৰেমিকাৰ ঘৰৰ সন্মুখৰ পৰা আটক কৰি এটা ঘৰৰ ভিতৰত আৱদ্ধ কৰি শাৰিৰিক আৰু মানসিক অত্যাচাৰ চলালে জিন্টু খান আৰু তেওঁৰ লগত যোৱা গাড়ী ড্ৰাইভাৰজনক৷ কিন্তু সকলো দেখি-শুনিও নিমাত হৈ থাকিল প্ৰেমিকা তানিয়া আহমেদ আৰু পৰিয়াল৷
কলিকতাত মাটি কিনিবলৈ নিয়া টকা বিচাৰি দুৰ্বৃত্তৰ দলটোৱে বন্দুক দেখুৱাই ভাবুকি দিছিল জিন্টুক৷ জিন্টুৰ মোবাইলত ভিডিঅ’ কৰি জিন্টুৰ সামাজিক মাধ্যমত আপলোড কৰিছিল দুৰ্বৃত্তৰ দলটোৱে৷ পিছত পশ্চিমবংগ আৰক্ষীয়ে উদ্ধাৰ কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে প্ৰেমিক জিন্টু খানক৷
ইতিমধ্যে নিজ গৃহত উপস্থিত হোৱা জিন্টু খানে ন্যায় বিচাৰি বিশ্বনাথ চাৰিআলি আৰক্ষী থানত দাখিল কৰিছে অভিযোগ৷ মাটি কিনিবলৈ নিয়া টকা আত্মসাৎ কৰাৰ বাবেই প্ৰেমিকাই এই সমগ্ৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ প্ৰেমিক জিন্টু খানৰ৷