আপুনিও সাবধান হওক অন্যথা ২টা বিশেষ নম্বৰেৰে ফোন কৰি দুষ্টচক্ৰই আপোনাৰো নিব পাৰে লাখ লাখ টকা। এই দুটা নম্বৰেৰে ফোন আহিলে আপুনিও ভুলতেও ৰিচিভ নকৰিব ফোন। কিয়নো ফোন ৰিচিভ কৰিলেই মূহূৰ্ততে আপোনাৰ খালি হৈ পৰিব পাৰে বেংক একাউন্ট।
তেনে এক ঘটনা সংঘটিত হৈছে বৰপেটাৰ পুতলাৰটাৰী গাঁৱৰ আজিজুল হক নামৰ এজন যুৱকৰ সৈতে। এটা ফোনতেই দুষ্ট চক্রই লুটি নিলে ৯৭ হাজাৰকৈ টকা। আগন্তুক ঈদৰ বাবে ৯৭ হাজাৰ টকা বেংকত জমা ৰাখিছিল আজিজুল হকে। ফোনৰ উপৰি আজিজুললৈ আহিছিল OTP আৰু OTP শ্বেয়াৰৰ পিছতেই ৯৭ হাজাৰ টকা হেৰুৱায় পুতলাৰটাৰী গাঁৱৰ এই যুৱকে।
এই ঘটনা সন্দৰ্ভত বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে।গতিকে আপুনিও এই দুটা বিশেষ নম্বৰ 2261241780 আৰু 8031492482 মনত ৰখা উচিত।