এখন বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ পৰিৱৰ্তে ফোনত ব্যস্ত হৈ থকাৰ অভিযোগ উত্থাপিত কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে।
খবৰ অনুসৰি ধুবুৰী জিলাৰ ঝাকুৱাবাৰী এম ই স্কুলৰ এগৰাকী সহ-শিক্ষয়িত্ৰীয়ে চৰকাৰী নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই নিজ ইচ্ছামতে বিদ্যালয়ত উপস্থিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। লগতে পলমকৈ অহাৰ কাৰণ সুধিলে ওলোটাই ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে।
শিক্ষাবিভাগৰ এক নিৰ্দেশনা, অনুসৰী ৰাতিপুৱা ৭:৩০ বজাৰ পৰা পাঠদান আৰম্ভ হয় যদিও তেওঁ বিদ্যালয়ত উপস্থিত হয় ৯:১৫ বজাত।
ইয়াৰ উপৰি শ্ৰেণীকোঠাত ছাত্ৰক পঢ়োৱাৰ পৰিৱৰ্তে ফোনত ব্যস্ত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে।
এতিয়া বিদ্যালয়ৰ অভিভাৱক তথা স্থানীয়ই ৰাজ্যৰ শিক্ষামন্ত্ৰীক এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ দাবী জনায়। গতিকে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয় বিষয়।