অসমত এজন যুৱকৰ কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। হিন্দু ধৰ্মৰ দেৱ-দেৱীক অশ্লীল ভাষাৰে গালি-গালাজ তথা তুচ্চ-তাচিল্য কৰি সামাজিক মাধ্যমত মন্তব্য আগবঢ়াইছে এজন যুৱকে। যুৱকজনৰ এই কাণ্ডক লৈ খঙত জাঙুৰ খাই উঠিছে ডুমডুমাৰ একাংশ দল সংগঠন৷
এই লোকজন হৈছে ডুমডুমাৰ অনিচুৰ ৰহমান। হোৱাটছআপ গ্ৰুপৰ জৰিয়তে ডুমডুমা আলুপট্টীৰ যুৱকজনৰ এই মন্তব্য ডুমডুমা অঞ্চলত ভাইৰেল হৈ পৰিছে।
হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ তুলি বীৰ লাচিত সেনা ডুমডুমা আঞ্চলিকে ডুমডুমা থানাত এখন এজাহাৰ দাখিল কৰে৷ আনহাতে বাঘজান থানাতো আন এক হিন্দু সংগঠনে পৃথকভাৱে অনিচুৰৰ ওপৰত এখন এজাহাৰ দাখিল কৰে৷
ইয়াৰ পাছতে ডুমডুমা আৰক্ষীয়ে বিশেষ সুত্ৰৰ পম খেদি অভিযুক্ত অনিচুৰ ৰহমানক আটক কৰাত ৰাইজৰ মাজত উত্তেজনাৰ কিছু শাম কাটে। অৱশ্যে বৰ্তমানেও অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে ডুমডুমা অঞ্চলৰ দল-সংগঠনে।