ওদালগুৰিত দিনে দিনে বাঢ়িছে হাতী মানুহৰ সংঘাত । ভাৰত-ভূটান সীমান্ত পৰা নামি অহা বন্যহস্তী জাকে খাদ্য সন্ধানত পুৱতি নিশা বামুনজুলি চাহ বাগিচা সোমাই ৭খনকৈ বাসগৃহত তছ-নছ কৰি থৈ যায়।
পুৱতি নিশা বামুনজুলি মঞ্জু ভুৱৰ নামৰ মহিলাগৃহত গৃহত দুটা বনৰীয়া হাতী সোমাই এফালৰ পৰা সকলো তচ-নচ কৰি ক্ষতি সাধন কৰে। জানিব পৰা মতে মহিলাজনী শুই থকা অৱস্থাত বনৰীয়া হাতীটো আহি তেওঁৰ বাসগৃহত প্ৰৱেশ কৰে। মঞ্জু ভুৱৰে কোনো মতে নিজৰ প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিবলৈ সক্ষম হয়।
ইয়াৰ উপৰিও আৰু লগতে ৬ খনকৈ বাসগৃহ ভাঙি তচ-নচ কৰি গুছি যায়। এই ঘটনা সংঘটিত হোৱা পিছত বন বিভাগলৈ খবৰ দিয়া হয় যদিও বন বিভাগৰ কৰ্তৃপক্ষই খবৰটো পোৱা পাছতো উপস্থিত হোৱা নাই বুলি জানিবলৈ দিয়ে।
গতিকে এই ঘটনা সন্দৰ্ভত বন বিভাগ তথা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটোহে হ’ব চিন্তনীয় বিষয়।