সমগ্ৰ ৰাজ্যতে সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে চলি আছে তীব্ৰ অভিযান। গোলাঘাট জিলাৰ উৰিয়ামঘাটতো উচ্ছেদ চলিব বুলি প্ৰশাসনে জাননী দিয়াৰ পিছতেই সেই ঠাইৰ পৰা শ শ সন্দেহজনক ৰাজ্যৰ অন্য ঠাইসমূহ, যেনে- কলিয়াবৰ, নগাঁও আৰু মৰিগাঁওলৈ ৰাওনা হোৱা বুলি ইতিমধ্য বহুতেই দাবী কৰিছে।
ইয়াৰ পৰিপেক্ষিতত কলিয়াবৰৰ গাঁৱে গাঁৱে বীৰ লাচিত সেনাৰ অভিযান চলিছে। অবৈধ বেদখলকাৰীয়ে কলিয়াবৰত আশ্ৰয় লৈ থকাৰ সন্দেহতেই বীৰ লাচিত সেনাৰ সদস্যসকলে আৰম্ভ কৰিছে এই তীব্ৰ অভিযান।
কলিয়াবৰৰ উপৰ গাঁৱৰ পৰা লাচিত সেনাৰ সদস্যসকলে এই সন্দেহজনক লোকসকলক খেদি পঠিয়ায়।উল্লেখ্য যে, উপৰ গাঁৱৰ এটা ভাড়া ঘৰত এই সন্দেহজনক লোকে আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰিছিল বীৰ লাচিত সেনাই। সেই মৰ্মে সদস্যসকলে ওপৰ গাঁৱত উপস্থিত হৈ খেদি পঠিয়াই এই সন্দেহজনক লোকসকলক।
ইয়াৰ পিছতেই কলিয়াবৰৰ বীৰ লাচিত সেনাৰ সদস্যসকলে কয় যে- কলিয়াবৰৰ কোনো স্থানতেই আশ্ৰয় ল’ব নোৱাৰিব সন্দেহজনক লোকে। সন্দেহজনক লোকক দেখা পালেই খেদি পঠাব বীৰ লাচিত সেনাই। গতিকে উৰিয়ামঘাটৰ পৰা অহা কোনো উচ্ছেদিত লোকে কলিয়াবৰত আশ্ৰয় নল’বলৈ সকীয়াই দিয়ে সদস্যসকলে।