ডবকাত চাঞ্চল্যকৰ ঘটনা। এটা মন্দিৰৰ চৌহদত নিষিদ্ধ মাংস পেলোৱাক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।
ডবকাৰ চাংমাজিৰ বিষ্ণু মন্দিৰত নিশা কোনো দুষ্টচক্ৰই মন্দিৰৰ চৌহদত নিষিদ্ধ মাংস পেলাই থৈ যায়। ইয়াৰ পিছতে শতাধিক হিন্দু সমাজে প্ৰতিবাদ কৰে।
পিছত ঘটনাস্থলীত ডবকা আৰক্ষীৰ লগতে হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰে এই ঘটনাৰ তদন্ত। লগতে দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে দাবী জনায় স্থানীয় হিন্দু তথা মুছলমান লোকসকলে।












