লখিমপুৰৰ এজন চিকিৎসকৰ জ্ঞানৰ নমুনা দেখি আচৰিত সকলো। আনকি চিকিৎসকজনে লিখিব নাজানে ঔষধৰ নাম।
ৰাজ্যত ভূৱা চিকিৎসকৰ বিৰুদ্ধে প্ৰশাসনে অভিযান চলাই থকাৰ সময়তে এইবাৰ লালুকত ওলাল এজন ভুৱা চিকিৎসক। এই ভুৱা চিকিৎসকজনে নিজৰ ক্লিনিকত কেচুঁমুৰীয়া ৰোগৰ অপাৰেচনো কৰে।
পিছে B.A,BSC ৰ সম্পূৰ্ণ নাম নাজানে এই ভুৱা চিকিৎসক অনুভৱ বিশ্বাসে। চিকিৎসা বিজ্ঞানৰ নূন্যতম জ্ঞান নথকা এনেধৰনৰ ভূৱা চিকিৎসকে কাৰ সাহসত এইদৰে মানুহৰ জীৱনৰ লগত হেতালি খেলাৰ সুবিধা পাইছে ইয়াকে লৈ চিন্তিত হৈ পৰিছে একাংশ।
এগৰাকী বাহিৰাগত ব্যক্তিয়ে কেনেদৰে প্ৰশাসনৰ সন্মুখতে ভুৱা চাৰ্টিফিকেটেৰে ৰমৰমীয়া ব্যৱসায় চলাবলৈ সুবিধা পালে তাকে লৈ সচেতন ৰাইজে উত্থাপন কৰিছে বহু প্ৰশ্নৰ।
গতিকে লখিমপুৰ জিলা প্ৰশাসনে এইধৰণৰ মুন্নাভাই MBBS ৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষ্যণীয়।











