প্ৰশাসনৰ বুলড’জাৰ এক্সন ইতিমধ্যে আৰম্ভ হৈ গৈছে। আজিৰে পৰা গোৱালপাৰাত আৰম্ভ হৈছে উচ্ছেদ অভিযান। এফালৰ পৰা বুলড’জাৰেৰে ভাঙি দিয়া হৈছে ঘৰ। পাইকান, হাচিলা বিল, ৰাক্ষসীনিৰ পিছত এইবাৰ দহিকটাত চলিছে উচ্ছেদ।
৫৫৪ খন ঘৰত চলিব প্ৰশাসনৰ উচ্ছেদ।অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ শ শ আৰক্ষী আৰু ব্লেক কামাণ্ডো মোতায়েন কৰা হৈছে।
আৰক্ষী, ব্লেক কামাণ্ডো দেখি বুকু কঁপি উঠিছে একাংশ বেদখলকাৰীৰ। ১১৪৩ বিঘা ভূমিত বুলড’জাৰ চলোৱাৰ লক্ষ্যৰে আগবাঢ়িছে প্ৰশাসনে।
একাংশ লোকে নিজ হাতে ঘৰ ভাঙি ৰাওনা হৈছে অন্য স্থানলৈ। ইফালে উচ্ছেদত বাধা দিয়াৰ চেষ্টা চলাইছে একাংশ বেদখলকাৰীয়ে। তেওঁলোকে আনকি প্ৰশাসনৰ সৈতে তৰ্কযুদ্ধতো লিপ্ত হৈছে।











