প্ৰিয় শিল্পী জুবিন গাৰ্গক চৰম অপমান। ধুবুৰী গৌৰীপুৰৰ ঝালেৰ আলগা অঞ্চলত শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ জন্মদিনৰ নামত চলিল অশ্লীল নৃত্য।
ধুবুৰীৰ গৌৰীপুৰৰ জীৱন জ্যোতি ক্লাৱৰ উদ্যোগত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত শ্ৰদ্ধাৰ জুবিন গাৰ্গক কৰা হয় চৰম অপমান। প্ৰিয় শিল্পী গৰাকীৰ জন্ম জয়ন্তী উপলক্ষে আয়োজকসকলে সাংস্কৃতিক অনুষ্ঠানৰ নামত আয়োজন কৰে অপ-সংস্কৃতিৰ অশ্লীল নৃত্য-গীত।
প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন উদযাপনৰ নামত শিল্পীগৰাকীক চৰম অপমান কৰে এই আয়োজকসকলে।
প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত প্ৰদৰ্শন কৰা ভোজপুৰী গীতৰ অশ্লীল নৃত্য চছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে গৌৰীপুৰ আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ অনুষ্ঠান বন্ধ কৰি দিয়ে।আৰক্ষীয়ে বাধা প্ৰদানৰ পাছতেই সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ। দৰ্শকে ভাঙি লণ্ড-ভণ্ডৱ কৰে মঞ্চৰ সকলো সা-সৰঞ্জাম। ১০০ টকাৰ সলনি দৰ্শকে লৈ যায় টিন, চকী আদি সকলো সামগ্ৰী।
এই ঘটনাক লৈ এতিয়া ধুবুৰীত চলিছে তীব্ৰ প্ৰতিক্ৰিয়া।











