খমখমীয়া নোট দেখিও লোভ সামৰি আমজেদ আলীয়ে দেখুৱালে নিজৰ মহানুভৱতা। টকাভৰ্তি বেগ ওভতাই দিলে গৰাকীক। যাত্ৰীবাহী ট্রেকাৰত উদ্ধাৰ হোৱা মানিবেগ গৰাকীক উভোতাই দি মানৱতাৰ এক মহান দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হয় আমজেদ আলীয়ে।
উল্লেখ্য যে, মহানগৰীৰ চুনচালিৰ ৰামসিং চাপৰিৰ বাসিন্দা দৰিদ্ৰ দেৱন্তী দেৱীয়ে নাৰেংগীৰ কলংপাৰ বজাৰত শাক পাচলি বিক্ৰী কৰি নিজ পৰিয়ালটিক পোহ-পাল দি আছিল। ২৫ নৱেম্বৰৰ বিয়লি শাক পাচলিৰ ব্যৱসায়ী দেৱন্তী দেৱীয়ে শাক-পাচলি বিক্ৰী কৰি নাৰেংগীত ট্রেকাৰত উঠি বামুনীমৈদামৰ অভিমুখে যায়। বামুনীমৈদামৰ আস্থানত ট্রেকাৰৰ পৰা নামি দেৱন্তী দেৱীয়ে বজাৰলৈ যায়। ট্রেকাৰখন গৈ অনুৰাধাত উপস্থিত হোৱাত একেখন গাড়ীৰেই গৈ থকা যাত্ৰী আমজেদ আলীয়ে ছিটত এটা মানি বেগ এটা দেখা পায়।
প্ৰথমাৱস্থাত মানিবেগটো কাৰ বুলি প্ৰশ্ন কৰোঁতে এজন সহযাত্ৰীয়ে তেওঁৰ বেগ বুলি দাবী কৰে। কিন্তু আমজেদ আলীয়ে টকাৰ বেগটো খুলি চাই বামুনীমৈদামৰ আস্থানত ট্রেকাৰৰ পৰা নামি যোৱা মহিলাগৰাকীৰ বুলি নিশ্চিত হয়। ইয়াৰ পিছত আমজেদ আলীয়ে ট্রেকাৰখনৰ পৰা নামি মহিলা গৰাকীক বিচাৰি যায়। কিন্তু মহিলাগৰাকীক ক’তো বিচাৰি নাপায়।
আমজেদ আলীয়ে টকাৰ বেগটো খুলি ভিতৰৰ পৰা নগদ প্ৰায় ৫০০০ টকা, দুটাকৈ ছাবি আৰু এটা ফোন নম্বৰ লাভ কৰে। এই নম্বৰত ফোন কৰি টকাৰ বেগটো দেৱন্তী দেৱীৰ বুলি নিশ্চিত হয়।
ইয়াৰ পিছতে আজি পুৱাৰ ভাগত আমজেদ আলীয়ে নাৰেংগীৰ কলংপাৰ বজাৰলৈ আহি দৰিদ্ৰ শাক পাচলিৰ ব্যৱসায়ী দেৱন্তী দেৱীক টকাৰ বেগটো উভোতাই দিয়ে। টকাৰ বেগটো লাভ কৰি মহিলাগৰাকীয়ে আমজেদ আলীক কৃতজ্ঞতা প্ৰকাশ কৰে। নাৰেংগীৰ কলংপাৰ বজাৰৰ ব্যৱসায়ী সকলেও আমজেদ আলীৰ সততা আৰু মানৱতাৰ কামৰ বাবে শলাগ লয়।











