সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। নামৰূপ সাৰ কাৰখানাত ১২.৭ লাখ টন ক্ষমতাৰে ইউৰীয়া প্লাণ্ট স্থাপন কৰাৰ বাবে বাজেটত লোৱা সিদ্ধান্তৰ বাবেও মুখ্যমন্ত্রী শর্মাই প্রধানমন্ত্রী মোদীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
এই সাক্ষাতৰ সময়তে মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰীৰ লগত আগন্তুক এডভান্টেজ আছাম ২.০ সন্মিলন আৰু বিশ্ব অভিলেখৰ বাবে হ’বলগীয়া ঝুমুৰ নৃত্য সন্দৰ্ভতো আলোচনা কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে ২৫ ফেব্ৰুৱাৰীত এডভান্টেজ আছাম ২.০ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু লগতে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেগা ঝুমুৰ নৃত্য প্ৰদৰ্শনতো অংশগ্ৰহণ কৰিব।
ছ’চিয়েল মিডিয়া এক্সত মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পোৱাটো এক নিৰপেক্ষ সৌভাগ্যৰ কথা। কেন্দ্ৰীয় চৰকাৰে নামৰূপ সাৰ কাৰখানাত ইউৰীয়া প্লাণ্ট স্থাপনৰ বাবে জনোৱা অনুমোদনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। নামৰূপৰ ইউৰিয়া প্লাণ্ট, ৰাজ্যখনৰ উন্নয়নমূলক যাত্ৰাত গেম-চেঞ্জাৰ হ’ব।’
আগন্তুক এডভাণ্টেজ আছাম ২ সন্মিলন আৰু ঝুমুৰ নৃত্য প্ৰদৰ্শনৰ ওপৰত প্ৰধানমন্ত্ৰীৰ পৰা বহুমূলীয়া দিহা-পৰামৰ্শ লাভ কৰাৰ লগতে কিছুদিনৰ পাছত তেওঁক অসমলৈ আদৰণি জনাবলৈ সাজু বুলিও মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে।