নগাঁৱৰ কামপুৰৰ পাছনিজাৰত ভয়ংকৰ কাণ্ড৷ স্বামীয়ে ভয়ানক কাণ্ড সংঘটিত কৰিলে পত্নী আৰু পত্নীৰ প্ৰেমিকৰ সৈতে।
নগাঁৱৰ কামপুৰৰ পাছনিজাৰৰ ভাড়া ঘৰৰ ভিতৰত দুয়োকে ৰ’ডৰে প্ৰহাৰ কৰি প্ৰাণ লোৱাৰ কৰাৰ সন্দেহ কৰা হৈছে৷ এই ভয়ানক কাণ্ড সংঘটিত কৰি স্বামীয়ে কামপুৰ থানাত আত্মসমৰ্পন কৰে।
উল্লেখ্য যে, নগাঁৱৰ কামপুৰৰ পাছনিজাৰত সংঘটিত হৈছে এই ঘটনা। পৰকীয়া প্ৰেমৰ বাবেই এই কাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। পত্নী দাস আছিল টেট শিক্ষয়িত্ৰী। নিহত পত্নীৰ টেট শিক্ষক ভাস্কৰ নাথৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ বাবেই পত্নী আৰু প্ৰেমিকৰ সৈতে অভিযুক্ত স্বামী জয়কান্ত দাসে এই ভয়ানক কাণ্ড সংঘটিত কৰে বুলি সন্দেহ কৰা হৈছে। নিহত পত্নী গীতা ৰানী আৰু অভিযুক্ত স্বামী জয়কান্ত দাসৰ ঘৰ আছিল নাৰিকলিত। আকৌ নিহত টেট শিক্ষক ভাস্কৰ নাথৰ ঘৰ মঙলদৈত বুলি জানিব পৰা গৈছে৷
অৱশ্যে এই কাণ্ড সংঘটিত কৰাৰ পিছতেই স্বামী জয়কান্ত দাসে আত্মসমৰ্পন কৰে কামপুৰ থানাত৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে এই ঘটনাৰ উচিত তদন্ত৷ পৰকীয়া প্ৰেমৰ বাবে এই কাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে যদিও ইয়াৰ আঁচল সত্য পোহৰলৈ অহা নাই৷