সামূহিক স্বাস্থ্য কেন্দ্ৰত বিৰাজ কৰিছে অস্বাস্থ্যকৰ পৰিবেশে। যি দৃশ্যই চকু কপালত চকু কপালত তুলিছে সচেতন মহলৰ।চিকিৎসাৰ বাবে স্বাস্থ্য কেন্দ্ৰত নাই পৰ্যাপ্ত চিকিৎসক। যি কেইজন আছে, তেওঁলোকও সময়ত উপস্থিত নোহোৱাৰ অভিযোগ।
এই ঘটনা খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰৰ।খাৰুপেটীয়া সামহিক স্বাস্থ্য কেন্দৰ পয়ালগা অৱস্থাই চকু কঁপালত তুলিছে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজৰ।
বিভিন্ন সময়ত উত্থাপিত অভিযোগৰ ভিত্তিত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আব্দুৰ ৰহমান বিশ্বাসৰ নেতৃত্বত খাৰুপেটীয়া আঞ্চলিক সমিতিৰ এটা দলে পৰিদৰ্শন কৰে সামূহিক চিকিৎসালয়খন।
উল্লেখ্য যে, চিকিৎসালয়খনত ফটাচিঙা বিছনাৰ ওপৰতেই প্ৰসুতি-কেচুৱাৰ চিকিৎসা চলাইছে চিকিৎসকে।ৰুগীয়া সকলৰ বাবে পানী যোগান ব্যৱস্থাও হৈ আছে বিকল। চিকিৎসালয়খনৰ ভিতৰতেই য’তে-ত’তে পেলাইছে পান-গুটকাৰ পিক।
মুঠতে খাৰুপেটীয়া সামুহিক চিকিৎসালয়ত সৃষ্টি হোৱা অস্বাস্থ্যকৰ পৰিবেশ, চিকিৎসকৰ অনিয়মীয়া উপস্থিতি, অনিয়মীয়া এম্বুলেন্স সেৱা, পানীৰ অভাব আদিৰ লগতে আন্তগাঁথনি উন্নত কৰাৰ বাবে বিভাগীয় মন্ত্ৰী তথা দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানক দাবী জনায় আমছুৰ উপ-সভাপতি আব্দুৰ ৰহমান বিশ্বাসে।