অবৈধ প্ৰেমৰ বাবেই সংঘটিত হৈছে এক আজৱ কাণ্ড। পত্নী আৰু তেওঁৰ প্ৰেমিকেৰ মিলি লুটি নিয়ে স্বামীৰ অলংকাৰৰ দোকানৰ সোণ-গহণা।
ডুমডুমাত সংঘটিত হৈছে এই আচৰিত ঘটনা। ডুমডুমাত লোকনাথ জুৱেলাৰী নামৰ দোকানৰ গৰাকী আশীষ দাসৰ দোকানৰ পৰা ৩ লাখতকৈও অধিক মূল্যৰ সোণৰ আ-অলংকাৰ লুটি নিয়ে বুলি জানিব পৰা গৈছে। প্ৰেমিক ৰাহুল দাসে চোকা অস্ত্ৰ দেখুৱাই সোণৰ আ-অলংকাৰখিনি লৈ যোৱা বুলি স্বীকাৰোক্তি পত্নীৰ। স্বামী আশীষ দাসৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ধৰিলে অবৈধ প্ৰেমিক আৰু পত্নীক
উল্লেখ্য যে, পত্নী আৰু প্ৰেমিক ৰাহুল দাসে এই কাণ্ড সংঘটিত কৰা বুলি ইতিমধ্যে ডুমডুমা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামী তথা লোকনাথ জুৱেলাৰী স্বাত্তাধিকাৰী আশীষ দাস নামৰ ব্যক্তিজনে। স্বামীৰ এজাহাৰৰ ভিত্তিতেই ইতিমধ্যে ডুমডুমা আৰক্ষীয়ে পত্নী আৰু প্ৰেমিক ৰাহুল দাসক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। প্ৰেমিক ৰাহুল দাসে চোকা অস্ত্ৰ দেখোৱাই সোণৰ আ-অলংকাৰখিনি লৈ যোৱা বুলি বুলি স্বীকাৰোক্তি কৰিছে পত্নীয়ে। আৰক্ষীৰ তদন্ অন্ততহে সঠিক তথ্য পোহৰলৈ আহিব। এই ঘটনা পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ডুমডুমা অঞ্চলত।








