মহাৰাষ্ট্ৰৰ মুম্বাইৰ ‘লোখণ্ডৱালা কমপ্লেক্স’ৰ এটা ১৪ মহলীয়া আৱাসগৃহত বুধবাৰে পুৱা এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলত উপস্থিত হোৱা শীৰ্ষ আৰক্ষী বিষয়াই এই অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই বুলি উল্লেখ কৰে।
আন্ধেৰী অঞ্চলৰ ‘লোখণ্ডৱালা কমপ্লেক্স’ৰ ‘ফৰ্থ ক্ৰছ ৰোড’ত অৱস্থিত ‘ৰিয়া পেলেচ বিল্ডিঙ’ৰ দশম মহলাৰ এটা ফ্লেটত ৰাতিপুৱা প্ৰায় ৮ বজাত অগ্নিকাণ্ড সংঘটিত হয়।
এজন বিষয়াই জনোৱা মতে, অগ্নিকাণ্ডত আহত তিনিজন লোকক কুপাৰ হাস্পতাললৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।
পৌৰ নিগমৰ বিষয়াসকলৰ মতে, নিহত লোক কেইজনক চন্দ্ৰপ্ৰকাশ ছোনী (৭৪), কান্ত ছোনী (৭৪) আৰু পেলুবেটা (৪২) বুলি চিনাক্ত কৰা হৈছে।
ইফালে অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জনোৱা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰায় এঘণ্টা পিছত অৰ্থাত ৯ বজাৰ ভিতৰত জুই নিৰ্বাপিত হয়।











