ৰামনগৰী অযোধ্যাৰ পৰা আহিছে অতি আশ্চৰ্যজনক খবৰ । এইবাৰ চোৰৰ টাৰগেট অযোধ্যাৰ ৰামমন্দিৰ।
অযোধ্যা ৰাজপথৰ সৌন্দৰ্যবৰ্ধনৰ বাবে বিশাল ৰাম মন্দিৰৰ উদ্বোধনৰ প্ৰাকমূহুৰ্তত ৰামপথ আৰু ভক্তি পথত ৰঙীন ধুনীয়া আলংকাৰিক লাইট স্থাপন কৰা হৈছিল।
এই ৰামমন্দিৰত সংঘটিত হৈছে এক চুৰিকাণ্ড। ৰাম মন্দিৰৰ অতি স্পৰ্শকাতৰ আৰু সুৰক্ষিত এলেকাতেই চোৰৰ এই লুটপাত সংঘটিত হয়। চোৰে প্ৰায় ৫০ লাখ টকাৰ লাইট চুৰি কৰি নিয়ে। অযোধ্যাৰ ৰাজপথৰ পৰা চোৰে ৩৮০০ টা লাইট আৰু ৩৬টা প্ৰজেক্টৰ চুৰি কৰি নিয়ে।
ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ৰাম জন্মভূমি গোচৰ ৰুজু কৰা হৈছে। এই ঘটনাৰ পাছত আৰক্ষীও বিভ্ৰান্তিত পৰিছে। আচৰিত কথা এইটোৱেই যে, এই চুৰি কাণ্ড এনে এটা ঠাইত সংঘটিত হৈছে য’ত সুৰক্ষা ব্যৱস্থা অত্যন্ত কঠোৰ। প্ৰতিদিনে হাজাৰ হাজাৰ ভক্ত ভগৱান ৰাম লালাক চাবলৈ এই পথৰ মাজেৰে পাৰ হয়।
ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি আছে। ৰামনগৰীৰ মহিমা বঢ়াবলৈ এই লাইটবোৰ স্থাপন কৰা হৈছিল। কিন্তু, কেইমাহমানৰ ভিতৰতে সেইবোৰ যিদৰে চুৰি হ’বলৈ ধৰিছে, তাৰ পাছতেই বিষয়টো আলোচনালৈ আহিছে।