পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বাবৰ আজমে বিৰাট কোহলীৰ নামত থকা এটা অভিলেখ ভংগ কৰে। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ তালিকাৰ দ্বিতীয় স্থান দখল কৰিলে আজমে।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত তৃতীয়খন মেচত বাবৰ আজমে বিৰাট কোহলীৰ নামত থকা সৰ্বাধিক ৰানৰ অভিলেখ ভংগ কৰে। বিৰাট কোহলীৰ পিছত বাবৰ আজমৰ এতিয়া লক্ষ্য ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰা।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা ৪১ ৰানৰ ইনিংছৰ সময়তে তেওঁ কোহলী (৪১৮৮)ক অতিক্ৰম কৰি সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত দ্বিতীয় স্থানত উপনীত হয়। তেওঁৰ নামত আছে এতিয়া ৪১৯২ ৰান।
৪২৩১ ৰানৰ সৈতে এই তালিকাৰ প্ৰথম স্থানত আছে ৰোহিত শৰ্মা। ৰোহিত শৰ্মাক অতিক্ৰম কৰিবলৈ বাবৰ আজমক প্ৰয়োজন মাত্ৰ ৩৯ ৰানৰ। আগন্তুক এখন-দুখন মেচতেই ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰি টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰূপে পৰিগণিত হ’ব বাবৰ আজম।
টি-২০ত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকা
৪২৩১ ৰান – ৰোহিত শৰ্মা (১৫৯ মেচ)
৪১৯২ ৰান – বাবৰ আজম (১২৬ মেচ)
৪১৮৮ – বিৰাট কোহলী (১২৫ মেচ)
৩৬৫৫ ৰান- পল ষ্টাৰলিং (১৪৭ মেচ)
৩৫৩১ ৰান- মাৰ্টিন গুপটিল (১২২ মেচ)