শিৱসাগৰৰ বিধায়ক অখিল গগৈক ‘পাগল’ আখ্যা দিলে AIUDFৰ বিধায়ক বদৰুদ্দিন আজমলৰ। লগতে এইবাৰ অখিল গগৈৰ পাৰ্টী নিঃশেষ হৈ যাব বুলিও দাবী কৰে আজমলে।
যোগীঘোপাৰ বালাপাৰাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি অখিল গগৈক পাগল আখ্যা বদৰুদ্দিন আজমলৰ। অনুষ্ঠানত অখিল গগৈৰ কথা উল্লেখ কৰোঁতে তেওঁ কয় যে, ভাল মানুহৰ নাম লওক, অখিল গগৈৰ নাম কিয় লৈছে।
লগতে বদৰুদ্দিন আজমলে জুবিন গাৰ্গকো স্মৰণ কৰে। তেওঁ কয় যে, তেওঁ মোল্লা যদিও জুবিনৰ গান গুণগুণাই ভাল পায়।










