OYO হোটেলৰ এক সিদ্ধান্তই ছ’চিয়েল মিডিয়াত বহু চৰ্চিত হৈছে। আচলতে শেহতীয়াকৈ OYO ই এক সিদ্ধান্ত লৈছে যে এতিয়া অবিবাহিত দম্পতীক থাকিবলৈ কোনো কোঠা দিয়া নহ’ব।
অৱশ্যে এই নিয়ম উত্তৰ প্ৰদেশৰ মেৰুটতহে আৰম্ভ হৈছে। এই সন্দৰ্ভত সাধাৰণ লোকে মিশ্ৰিত প্ৰতিক্ৰিয়া দিছে। একাংশই ইয়াক ন্যায্যতা প্ৰদান কৰিছে, আন কোনোৱে এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে।
ইফালে কৰ্ণাটকৰ বেংগালুৰুতো একে দাবী উত্থাপন হৈছে। কৰ্ণাটকত হিন্দু কৰ্মী তথা বজৰংগ দলৰ প্ৰাক্তন আহ্বায়ক তেজস গৌড়াই অবিবাহিত দম্পতীক ৰাজহুৱা স্থানলৈ যাবলৈ নিদিবলৈ দাবী জনাই ডিজিপিলৈ পত্ৰ লিখিছে। লগতে হোটেল ৰেষ্টুৰেণ্টতো তেওঁলোকৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগে বুলি উত্থাপন কৰিছে।
তেজস গৌড়াই কয় যে যদিহে এই দাবী মানি লোৱা নহয়, তেন্তে তেওঁ আদালততো আবেদন দাখিল কৰিব। লগতে তেওঁ লিভ-ইন-টুগেডাৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে।
তেজস গৌড়াই কয় যে বেংগালুৰুৰ স্কুল-কলেজলৈ যোৱা ডেকা ল’ৰা-ছোৱালীয়ে ৰাজহুৱা স্থানলৈ গৈ অশ্লীলতা বিয়পাই থাকে। এনেকৈয়ে যুৱক-যুৱতীসকলে ভুল পথতো আগবাঢ়ে। এয়া আমাৰ সংস্কৃতি নহয়। এইটো চিৰন্তন পৰম্পৰাৰ বিৰুদ্ধে। তেওঁ কয় যে, বেংগালুৰু ৮ বছৰ পূৰ্বে দলবদ্ধ ধৰ্ষণ সংঘটিত হৈছিল, তেতিয়াৰ পৰাই তেওঁ এই বিষয়ত মাত মাতি আহিছে।
ইয়াৰ বাবে তেওঁ কৰ্ণাটকৰ ডিজিপি, বেংগালুৰু চিপি, বিবিএমপিৰ আয়ুক্তলৈ এখন পত্ৰ লিখিছে। এটা ডাঙৰ দাবী কৰি তেওঁ কয় যে, ইয়াত লিভ-ইন-টুগেডাৰ পিজিও চলি আছে, যিবোৰত চৰকাৰৰ কোনো অনুমতি নাই।
হিন্দু কৰ্মী গৰাকীয়ে ৮ বছৰ ধৰি এই যুদ্ধত অৱতীৰ্ণ হৈ আহিছে আৰু যদিহে তেওঁৰ দাবী পূৰণ নহয়, তেন্তে আদালতলৈও যাব বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে একেলগে থকাৰ কোনো আইন নাই, গতিকে এই সকলোবোৰ অবৈধভাৱে ঘটি আছে। ইয়াৰ বাবে তেওঁ আদালতত আবেদন দাখিল কৰিব। শেহতীয়াকৈ বেংগালুৰুৰ কিছু ঘটনাৰ উদ্ধৃতি দি তেওঁ কয় যে, নিৰাপত্তা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাবে যুঁজ অব্যাহত থাকিব।