শেহতীয়াকৈ বাংলাদেশৰ পৰা ভাৰতলৈ উভতি আহে বৈদেশিক সচিব বিক্ৰম মিশ্ৰী। বুধবাৰে তেওঁ শশী থাৰুৰৰ নেতৃত্বত গঠিত সমিতিখনক চুবুৰীয়া দেশখনৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে।
বুধবাৰে বৈদেশিক পৰিক্ৰমা সংসদীয় স্থায়ী সমিতিৰ সন্মুখত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে, বাংলাদেশে দেশৰ সংখ্যালঘু লোকৰ বিৰুদ্ধে হিংসাৰ দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে। এক সূত্ৰই এই তথ্য প্ৰদান কৰিছে।
কংগ্ৰেছ নেতা শশী থাৰুৰৰ নেতৃত্বত গঠিত কমিটীৰ সন্মুখত হাজিৰ হয় বিক্ৰম মিশ্ৰী। এই বৈঠকত ২১-২২ জন সাংসদে অংশগ্ৰহণ কৰিছিল।
এক সূত্ৰ অনুসৰি, বহু সাংসদে মিশ্ৰীক ভাৰতত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ জীৱিকাৰ অৱস্থাৰ বিষয়ে প্ৰশ্ন কৰিছিল।
মিশ্ৰীয়ে কমিটীক কোৱা বুলিও বুজা গৈছে যে বাতৰিৰ বিপৰীতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে ভাৰতৰ সৈতে কোনো দ্বিপাক্ষিক চুক্তি পুনৰীক্ষণৰ কথা উল্লেখ কৰা নাছিল।
আগষ্ট মাহত চৰকাৰ বিৰোধী ব্যাপক প্ৰতিবাদৰ বাবে তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই দেশ এৰি যাবলৈ বাধ্য হৈছিল। হাছিনাই ভাৰতত আশ্ৰয় লোৱাৰ মাত্ৰ কেইদিনমান পিছতে অন্তৱৰ্তীকালীন চৰকাৰৰ বাঘজৰী হাতত লৈছিল ইউনুছে। চুবুৰীয়া দেশখনত সংঘটিত হোৱা এই ঘটনাৰ পিছতে ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্ক উত্তাল হৈ পৰে।
বিগত কেইটামান সপ্তাহত বাংলাদেশত হিন্দুসকলৰ ওপৰত আক্ৰমণ আৰু হিন্দু সাধু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক উত্তেজিত হৈ পৰিছে। ত্ৰিপুৰাৰ আগৰতলাত বাংলাদেশ উপ উচ্চায়ুক্তত বলপূৰ্বকভাৱে প্ৰতিবাদকাৰীৰ প্ৰৱেশৰ বিষয়টোৱে দুয়োখন দেশৰ সম্পৰ্কতো প্ৰভাৱ পেলায়।
বিগত কেইসপ্তাহমানৰ পৰা চুবুৰীয়া দেশখনত হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ লগতে মন্দিৰত আক্ৰমণৰ ঘটনাও সংঘটিত হৈছে। এই ঘটনাক লৈ ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।