বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ কন্যা ছাইমা ৱাজিদক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। ছাইমাই বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়াৰ আঞ্চলিক সঞ্চালক হিচাপে কাম কৰি আছিল। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ অভিযোগৰ পিছত শ্বেখ হাছিনাৰ কন্যাৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এক প্ৰতিবেদন অনুসৰি, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰ’ছ গেব্ৰেইছাছে কৰ্মচাৰীসকললৈ ই-মেইল প্ৰেৰণ কৰি কৰ্মচাৰীসকলক জনাইছে যে ৱাজিদ ১১ জুলাইৰ পৰা ছুটীত থাকিব।
চলিত বৰ্ষৰ আৰম্ভণিতে বাংলাদেশ দুৰ্নীতি বিৰোধী আয়োগে ৱাজিদৰ বিৰুদ্ধে তেওঁৰ শিক্ষাগত অৰ্হতাৰ সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল। মাতৃৰ প্ৰভাৱ ব্যৱহাৰ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ আঞ্চলিক মুৰব্বী পদ লাভ কৰাৰ অভিযোগ উত্থাপন কৰে এচিচিয়ে।
প্ৰতিবেদন অনুসৰি, বংগবন্ধু শ্বেখ মুজিব মেডিকেল ইউনিভাৰ্চিটিত সন্মানীয় পদত থকা বুলি মিছাকৈ দাবী কৰিছিল, যিটো বিশ্ববিদ্যালয়খনে অস্বীকাৰ কৰিছে। বাংলাদেশত মাতৃ শাসনত থকাৰ সময়ত ৱাজিদ ব্যাপক দুৰ্নীতিৰ সৈতেও জড়িত আছিল বুলিও অভিযোগ উত্থাপন হৈছে।
এচিচিয়ে দাবী কৰে যে তেওঁ নিজৰ প্ৰভাৱ আৰু সম্পৰ্কৰ সুযোগ লৈ কেইবাটাও বেংকৰ পৰা অবৈধভাৱে প্ৰায় ২৮ লাখ ডলাৰ লাভ কৰিছিল।
বাংলাদেশৰ বিশেষ ন্যায়াধিকৰণে বৃহস্পতিবাৰে শ্বেখ হাছিনাৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ মানি লয়। বিগত বৰ্ষত গণ বিদ্ৰোহৰ সৈতে জড়িত এই অভিযোগ উত্থাপন হৈছিল, য’ত শ শ ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাছিনাৰ আৱামি লীগ দলে শুনানি প্ৰক্ৰিয়াক গৰিহণা দি কয় যে এই ন্যায়াধিকৰণখন কেংগাৰু আদালত।