বাংলাদেশে নিজৰ সামুদ্ৰিক অঞ্চলত যুদ্ধ জাহাজ আৰু টহলদাৰী হেলিকপ্টাৰ নিয়োগ কৰিছে। মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰে এই সিদ্ধান্ত লৈছিল মূল্যৱান হিলছা মাছ প্ৰজাতিৰ প্ৰজনন কালত অবৈধ মাছ ধৰাৰ পৰা ৰক্ষা কৰিবলৈ। বাংলাদেশৰ জাতীয় মাছ হিলছা ভাৰতৰ পশ্চিম বংগৰ মানুহৰ মাজত জনপ্ৰিয় সুস্বাদু খাদ্য।
এক প্ৰতিবেদন অনুসৰি, বাংলাদেশ সেনাৰ বিষয়াসকলে উল্লেখ কৰিছে যে তেওঁলোকে হিলছাৰ প্ৰজনন ক্ষেত্ৰ সুৰক্ষিত কৰিবলৈ প্ৰায় তিনি সপ্তাহৰ বাবে, ৪ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈকে মাছ ধৰা নিষেধাজ্ঞা আৰোপ কৰিছে। বিবৃতি অনুসৰি হিলছা মাছৰ সুৰক্ষাৰ বাবে ১৭খন নৌসেনাৰ যুদ্ধ জাহাজ আৰু টহলদাৰী হেলিকপ্টাৰ নিয়োগ কৰা হৈছে। অৱশ্যে বাংলাদেশৰ নৌসেনাৰ সামুদ্ৰিক টহলদাৰী অভিযানে ভাৰতৰ বাবে উত্তেজনা বৃদ্ধি কৰিব পাৰে।
বাংলাদেশৰ লাখ লাখ লোক হিলছা মাছৰ ওপৰত নিৰ্ভৰশীল। এই মাছ ঢাকাত প্ৰতি কিলোগ্ৰামত ২২০০ টাকা (১৮.৪০ মাৰ্কিন ডলাৰ) পৰ্যন্ত বিক্ৰী হয়। সেনাৰ এক বিবৃতি অনুসৰি মাছমৰীয়াৰ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ যুদ্ধজাহাজ আৰু সামুদ্ৰিক টহলদাৰী হেলিকপ্টাৰে ২৪ ঘণ্টীয়া চোৰাংচোৱাগিৰি চলাই আছে।
ভাৰতীয় মাছমৰীয়াসকলে গংগা নদী আৰু ইয়াৰ বিশাল ব-দ্বীপটোৰ নিমখীয়া পানীত মাছ ধৰে, যিয়ে কলকাতা আৰু পশ্চিম বংগৰ ১০ কোটি লোকৰ চাহিদা যোগান ধৰে। এতিয়া বাংলাদেশ চিন্তিত হৈ পৰিছে যে যদি ভাৰতীয় মাছমৰীয়াই হিলছা মাছ প্ৰজনন কৰাৰ আগতেই ধৰি লয় তেন্তে ক্ৰমান্বয়ে ইয়াৰ জাতীয় মাছৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব পাৰে।
ভাৰত আৰু বাংলাদেশৰ মাজত হিলছা কূটনীতি যথেষ্ট বিখ্যাত হৈ আহিছে। কিন্তু ঢাকাত শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছত মহম্মদ ইউনুছ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হয়, তাৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক কিছু শীতল হৈ পৰিছে। ইয়াৰ পিছতো বাংলাদেশে এইবাৰ দুৰ্গা পূজাৰ পূৰ্বে ভাৰতক ১২০০ টন হিলছা মাছ ৰপ্তানি কৰিবলৈ অনুমতি দিছিল।