বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰে এতিয়া ভাৰতত বহিস্কৃত উগ্ৰ ইছলামিক প্ৰচাৰক জাকিৰ নাইকৰ বাংলাদেশ ভ্ৰমণৰ প্ৰস্তাৱত বাধা প্ৰদান কৰিছে। ব্যাপক সমালোচনা আৰু বিতৰ্কৰ অন্তত চৰকাৰে স্পষ্ট কৰি দিছে যে নাইকক বাংলাদেশত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, মঙলবাৰে ঢাকা সচিবালয়ত অনুষ্ঠিত গৃহ মন্ত্ৰালয়ৰ আইন-শৃংখলা মূল সমিতিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।
ইয়াৰ পূৰ্বে ইউনুছ চৰকাৰে ঘৃণামূলক ভাষণৰ বাবে কুখ্যাত জাকিৰ নাইকক আদৰণি জনোৱাৰ প্ৰস্তুতি চলাইছিল। এই খবৰ বিয়পি পৰাৰ লগে লগে ভাৰতে আনুষ্ঠানিকভাৱে আপত্তি কৰা হয়। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত জাকিৰ নাইক ঢাকাত উপস্থিত হ’লে তেওঁক ভাৰতৰ পৰা প্ৰত্যাৰ্পণ কৰা হ’ব বুলি মন্তব্য কৰে।
বৰ্তমান মালয়েছিয়াত আশ্ৰয় বিচাৰিছে জাকিৰ নাইকে। ভাৰতত তেওঁ সন্ত্ৰাসবাদ, ধন সৰবৰাহৰ, ঘৃণামূলক ভাষণকে ধৰি কেইবাটাও গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে। ২০১৬ চনত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই তেওঁৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল, তাৰ পিছত তেওঁ ভাৰতৰ পৰা পলায়ন কৰি মালয়েছিয়াত স্থায়ী বাসস্থানৰ মৰ্যাদা লাভ কৰিছিল।
খবৰ অনুসৰি, অহা ২৮-২৯ নৱেম্বৰত নাইকে ঢাকাত এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল। শেহতীয়াকৈ ফেচবুকযোগে নায়কক বাংলাদেশলৈ অনাৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা ঘোষণা কৰিছিল স্পাৰ্ক ইভেণ্ট মেনেজমেণ্ট কোম্পানীয়ে। ঢাকাৰ আগৰগাঁও অঞ্চলত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত আয়োজকসকলে চৰকাৰী অনুমতি লাভ কৰা বুলি দাবী কৰে।
অৱশ্যে এতিয়া এই অনুষ্ঠান বাতিল কৰিছে চৰকাৰে। মন কৰিবলগীয়া যে, বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ চৰকাৰে পূর্বে জাকিৰ নাইকক দেশত প্রৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ ২০১৬ চনৰ ঢাকা কেফে আক্ৰমণৰ লগত জড়িত দুজন সন্ত্ৰাসবাদী নাইকৰ উগ্ৰ ভাষণৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি জানিব পৰা গৈছে।
ভাৰতত নাইকৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ তদন্ত এতিয়াও অব্যাহত আছে, আৰু ভাৰতীয় সংস্থাসমূহে তেওঁক প্ৰত্যাৰ্পণ কৰাৰ চেষ্টা চলাইছে। বাংলাদেশ চৰকাৰৰ এই সিদ্ধান্তক আঞ্চলিক নিৰাপত্তাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।











