বাংলাদেশৰ বন্দৰগাহ চহৰৰ চট্টগ্ৰামৰ সমীপত থকা এটা হিন্দু পৰিয়ালত অত্যাচাৰ চলোৱা আক্ৰমণকাৰীৰ তথ্য দিয়াৰ সন্দৰ্ভত বাংলাদেশ আৰক্ষীয়ে পুৰস্কাৰ ঘোষণা কৰিছে। বাংলাদেশৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশত মব লিঞ্চিং এক বৃহৎ সংকট হিচাপে আত্মপ্ৰকাশ কৰিছে।
২৫ ডিচেম্বৰত বাংলাদেশৰ এখন বাতৰি কাকতে প্ৰকাশ কৰা অনুসৰি, ৰাওজান অঞ্চলৰ সুখ শীল আৰু অনিল শীলৰ জ্বলি যোৱা গৃহ পৰিদৰ্শন কৰি চট্টগ্ৰাম ৰেঞ্জৰ আৰক্ষী অধীক্ষক আহছান হাবিবে এই পুৰস্কাৰৰ ঘোষণা কৰে। অৱশ্যে এই পুৰস্কাৰৰ পৰিমাণ তেওঁ প্ৰকাশ কৰা নাই।
প্ৰতিবেদন অনুসৰি, ২৩ ডিচেম্বৰত অজ্ঞাত দুষ্কৃতিকাৰীয়ে গৃহটোত অগ্নি কৰিছিল যদিও তাত থকা লোকসকলে কোনো আঘাত নোহোৱাকৈয়ে পলায়ন কৰে। পৰিয়ালৰ লোকে জনোৱা মতে, পুৱাৰ ভাগত জুইৰ উত্তাপত সাৰ পাই উঠিছিল যদিও প্ৰথম অৱস্থাত বাহিৰৰ পৰা দুৱাৰত তলা লগোৱাৰ বাবে বাহিৰলৈ ওলাই আহিব পৰা নাছিল। টিনপাত আৰু বাঁহৰ বেৰ কাটি জ্বলি থকা ঘৰটোৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় দুয়োটা পৰিয়ালৰ ৮ জনকৈ সদস্য।
এক প্ৰতিবেদন অনুসৰি যোৱা সপ্তাহত একেটা অঞ্চলতে হিন্দু পৰিয়ালৰ ঘৰক লক্ষ্য কৰি অগ্নিসংযোগৰ কেইবাটাও ঘটনা সংঘটিত হৈছিল। আৰক্ষীয়ে জনোৱা মতে, ৫জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে অঞ্চলটোৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে বিশেষ নিৰাপত্তাৰক্ষীৰ দল গঠন কৰা হৈছে। প্ৰতিবেদন অনুসৰি বিগত ৫ দিনত ৰাওজানৰ তিনিটা ভিন্ন অঞ্চলত ৭টা হিন্দু পৰিয়ালৰ গৃহ জ্বলাই দিয়া হৈছে।
ৰাওজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সাজিদুল ইছলামে জনোৱা মতে, আৰক্ষীৰ অভিযানত এতিয়ালৈকে ৫জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বাকী থকা কেইজনৰ সন্ধান অব্যাহত আছে। আন্তঃধৰ্মীয় সম্প্ৰীতি নিশ্চিত কৰাৰ বাবে আৰু এনে জঘন্য অপৰাধৰ দোষীৰ বিৰুদ্ধে সামাজিক সতৰ্কতা বজাই ৰাখিবলৈ আৰক্ষীয়ে স্থানীয় প্ৰভাৱশালী লোকসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰে।










