পাকিস্তানৰ বিৰুদ্ধে চলি থকা দুখন টেষ্ট মেচৰ শৃংখলাৰ প্ৰথমখন খেলত আলহী দল বাংলাদেশৰ হাতত পৰাস্ত হৈছে ঘৰুৱা দলটো। ৰাৱালপিণ্ডি ষ্টেডিয়ামত ২১ৰ পৰা ২৫ আগষ্টলৈ চলা প্ৰথমখন মেচত বাংলাদেশ দলটোৱে ১০ উইকেটত বিজয়ী হয়।
টেষ্ট ক্ৰিকেট ইতিহাসত পাকিসল্তানৰ বিৰুদ্ধে বাংলাদেশৰ এয়া প্ৰথম বিজয়। পাকিস্তানে প্ৰথম ইনিংছত ৬ উইকেটৰ বিনিময়ত ৪৪৮ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশ দলে প্ৰথম ইনিংছত ৫৬৫ ৰানৰ বিশাল স্ক’ৰ সংগ্ৰহ কৰে। ফলত বাংলাদেশ দলে লাভ কৰে ১১৭ ৰানৰ অগ্ৰগতি।
ইয়াৰ পিছত পাকিস্তানে মাত্ৰ ১৪৬ ৰানতে সামৰে দ্বিতীয় ইনিংছ। পাকিস্তানৰ এই শোচনীয় বেটিং প্ৰদৰ্শনৰ বাবে বাংলাদেশ দলে লাভ কৰে মাত্ৰ ৩০ ৰানৰ টাৰ্গেট। বাংলাদেশ দলে কোনো উইকেট নেহেৰুৱাকৈয়ে বিজয় লক্ষ্যত উপনীত হয়। এই জয়ৰ লগে লগে ইতিহাস ৰচিবলৈ সক্ষম হয় বাংলাদেশ দলে।
প্ৰথম ইনিংছ ঘোষণা কৰা স্বত্তেও পাকিস্তান দলটোৰ এই শোচনীয় পৰাজয় সহজভাৱে ল’ব পৰা নাই দলটোৰ ক্ৰিকেট অনুৰাগীসকল। সম্প্ৰতি ছ’চিয়েল মিডিয়াযোগে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে পাকিস্তানৰ ক্ৰিকেট দলটো।
ছ’চিয়েল মিডিয়াযোগে এজন সমালোচকে লিখিছে, ‘পূব পাকিস্তানে পশ্চিম পাকিস্তানক নিজৰ ঘৰতেই পৰাস্ত কৰিলে’। আনহাতে নিজ দেশৰে একাংশ অনুৰাগীয়ে ৰাৱলপিণ্ডি ষ্টেডিয়ামক লৈ প্ৰশ্ন উত্থাপন কৰি তীব্ৰ সমালোচনা কৰিছে।