বিগত মাহৰ আৰম্ভণিতে আই চি চিৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল জয় শ্বাহে। ইয়াৰ পিছতেই বিচিচিআইত সচিবৰ পদ খালী হৈ পৰে। একে সময়তে ভাৰতীয় জনতা পাৰ্টিৰ নেতা আশীষ শ্বেলাৰেও দেৱেন্দ্ৰ ফডনৱীছৰ নেতৃত্বত মহাৰাষ্ট্ৰ চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে।
এনে পৰিস্থিতিত বৰ্তমান বিচিচিআইত সচিব আৰু কোষাধ্যক্ষৰ পদ খালী। এই খালী পদ কোনে পূৰণ কৰিব ১২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিশেষ সাধাৰণ সভাত ঘোষণা কৰা হ’ব।
অহা ১২ জানুৱাৰীত ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ বিশেষ সাধাৰণ সভাত বিনা প্ৰতিদ্বন্দ্বিতাত বিচিচিআইৰ সচিব হিচাপে নিৰ্বাচিত হ’ব দেৱজিৎ শইকীয়া, কিয়নো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাসকলৰ চূড়ান্ত তালিকাত তেওঁ একমাত্ৰ প্ৰাৰ্থী।
আনহাতে, প্ৰভতেজ সিং ভাটিয়া কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত হ’ব। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাসকলৰ তালিকাতো তেওঁ একমাত্ৰ প্ৰাৰ্থী। আপোনালোকক কওঁ, নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰাৰ্থীৰ তালিকাখন মঙলবাৰে প্ৰস্তুত কৰিছিল বি চি চি আইৰ নিৰ্বাচনী বিষয়া তথা ভাৰতৰ প্ৰাক্তন চি ই চি (মুখ্য নিৰ্বাচন আয়ুক্ত) আচল কুমাৰ জোটিয়ে।
দৰাচলতে এই পদসমূহৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ যোৱা সপ্তাহত অন্ত পৰিছিল, আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ সময়সীমা মঙলবাৰে বিয়লি ২ বজাত শেষ হৈছিল। যিহেতু কোনো প্ৰাৰ্থীয়ে নিজৰ নাম প্ৰত্যাহাৰ কৰা নাছিল, সেয়েহে মঙলবাৰে সন্ধিয়া ৫ বজাত ৰিটাৰ্ণিং অফিচাৰে প্ৰতিদ্বন্দ্বিতামূলক প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে।
অহা ১২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এছ জি এমৰ সময়ত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু একেদিনাই এই সিদ্ধান্ত ঘোষণা কৰা হ’ব, যিটো এতিয়া আনুষ্ঠানিকতাত পৰিণত হৈছে।